১৮০০ চনৰ আজিৰ দিনটোতে ভাৰতৰ প্ৰথমখন মহাবিদ্যালয় কলকাতাৰ ফৰ্ট উইলিয়াম কলেজ প্ৰতিষ্ঠা কৰা হৈছিল । ১৮৫৪ চনত এই মহাবিদ্যালয় বন্ধ হৈছিল ।
১৮৬৪ চনৰ ১৮ আগষ্টত সমাজসেৱাৰ বাবে আন্তৰ্জাতিক সংগঠন ৰেড ক্ৰছ প্ৰতিষ্ঠা কৰা হৈছিল । প্ৰতিষ্ঠাতা আছিল হেন্ৰী ডুনাণ্ট।
ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদৰ প্ৰথম মহিলা তথা প্ৰথম ভাৰতীয় সভাপতি বিজয়লক্ষ্মী পণ্ডিতৰ মৃত্যু হৈছিল ১৯০০ চনৰ আজিৰ দিনটোতে।
১৯৪৫ চনৰ এই দিনটোতে ফৰমোছা দ্বীপৰ কাষত এক বিমান দুৰ্ঘটনাত নেতাজী সুভাষ চন্দ্ৰ বসুৰ মৃত্যু হোৱা বুলি ২২ আগষ্টত টকিঅ’ৰ ৰেডিঅ’ৰ ঘোষণা কৰা হৈছিল ।
১৯৫১ চনৰ ১৮ আগষ্টত খড়গপুৰত ইণ্ডিয়ান ইনষ্টিটিউট অব্ টেকনলজী মুকলি কৰা হৈছিল ।
লক্ষ্যধৰ চৌধুৰীৰ মৃত্যু হৈছিল ২০০০ চনৰ ১৮ আগষ্টত।
২০০২ চনৰ ১৮ আগষ্টত ২০০১ চনৰ ১১ ছেপ্তেম্বৰত নিউয়ৰ্কৰ ৱৰ্ল্ড ট্ৰেড চেণ্টাৰ ধ্বংসৰ মূল নায়ক ওছামা বিন লাডেন আৰু তেওঁৰ সংগঠন আল-কাইদাক আৰ্থিক সাহায্য প্ৰদান কৰাৰ অভিযোগ উত্থাপন কৰি ছৌদি ৰাজপৰিয়াল আৰু সাতটা বেংকৰ বিৰুদ্ধে সেই ঘটনাত নিহত পৰিয়ালৰ সদস্যই গোচৰ ৰুজু কৰিছিল।
২০০৪ চনৰ আজিৰ দিনটোতে এথেন্স অলিম্পিকৰ শ্বুটিঙত ভাৰতৰ ৰজ্যবৰ্ধন সিঙে ৰাথোড়ৰ ৰূপৰ পদক লাভ কৰিছিল।
১৮৫০ চনৰ ১৮ আগষ্টত ফৰাচী ঔপন্যাসিক বালজাকৰ মৃত্যু হৈছিল।।