আজি ১৮ ছেপ্টেম্বৰ

➡️১৭০৯ চনৰ আজিৰ দিনটোতে ইংৰাজ ভাষাতত্ত্ববিদ, কবি, সমালোচক ছেমুৱেল জনছনৰ জন্ম হৈছিল।
➡️২০০৭ চনৰ ১৮ ছেপ্টেম্বৰত মাৰুতি উদ্যোগ লিমিটেডৰ নাম সলনি কৰি নতুন নাম মাৰুতি ছুজুকি ইণ্ডিয়া লিমিটেড দিয়া হৈছিল।
➡️১৯২৪ চনৰ ১৮ ছেপ্টেম্বৰত হিন্দু-মুছলমানৰ ঐক্যৰ হকে মহাত্মা গান্ধীয়ে অনশন আৰম্ভ কৰিছিল। গান্ধীৰ এই অনশন ২১ দিন চলিছিল।
➡️ইংৰাজী ভাষাক নাগালেণ্ডৰ চৰকাৰী ভাষা ৰূপে গ্ৰহণ কৰা হৈছিল ১৯৬৭ চনৰ ১৮ ছেপ্টেম্বৰত।
➡️১৯৮৮ চনৰ ১৮ ছেপ্টেম্বৰত ব্ৰহ্মদেশত সেনা অভ্যুত্থান আৰু দেশখনৰ নিয়ন্ত্ৰণ সেনাৰ হাতলৈ গৈছিল। দেশখনৰ নামো সলনি কৰি নতুন নাম দিয়া হৈছিল ম্যানমাৰ।
➡️১৯৯১ চনৰ আজিৰ দিনটোতে ছোভিয়েট যুক্তৰাষ্ট্ৰৰ পৰা বিচ্ছিন্ন হোৱা দেশ লাটভিয়া, এষ্টোনিয়া আৰু লিথুৱানিয়া ৰাষ্ট্ৰসংঘৰ সদস্য হৈছিল ।
➡️১৯৫৯ চনৰ আজিৰ দিনটোতে ভাৰতীয় চলচ্চিত্ৰৰ প্ৰসিদ্ধ অভিনেত্ৰী শ্বাৱানা আজমীৰ জন্ম হৈছিল।।

You might also like
Leave A Reply

Your email address will not be published.