আজি ১৮ জুলাই

➡️ ১৯১৮ চনৰ ১৮ জুলাইত দক্ষিণ আফ্ৰিকাৰ বৰ্ণবিদ্বেষ সংগ্ৰামৰ নেতা নেলছন মেণ্ডেলাৰ জন্ম হৈছিল।

➡️ আডল্‌ফ হিট্‌লাৰৰ আত্মজীৱনী ‘মাইন কাম্ফ’ৰ প্ৰথম প্ৰকাশ হৈছিল ১৯২৫ চনৰ ১৮ জুলাইত।

➡️ ১৯৪৭ চনৰ আজিৰ দিনটোতে ভাৰতৰ স্বাধীনতা আইনত ইংলেণ্ডৰ ৰজাই সন্মতি প্ৰদান কৰিছিল।

➡️ ভাৰতীয় প্ৰশাসনিক সেৱা আৰু ভাৰতীয় আৰক্ষী সেৱাত মহিলাৰ বাবে নিযুক্তি মুকলি কৰা হৈছিল ১৯৪৮ চনৰ ১৮ জুলাইত।

➡️ ১৯৫৫ চনৰ আজিৰ দিনটোতে আমেৰিকাৰ লছ এঞ্জেল্‌ছত ৱাল্ট ডিজনীৰ প্ৰমোদ উদ্যান ‘ডিজনীলেণ্ড’ মুকলি কৰা হৈছিল।

➡️ ১৯৮০ চনৰ ১৮ জুলাইত ভাৰতত ৰঙীন টেলিভিছনৰ সম্প্ৰচাৰ আৰম্ভ হৈছিল। চেন্নাইৰ পৰা সম্প্ৰচাৰ কৰা এই অনুষ্ঠান একে সময়তে দিল্লী দূৰদৰ্শনেও সম্প্ৰচাৰ কৰিছিল ।

➡️ ১৯৮০ চনৰ ১৮ জুলাইত ভাৰতত নিৰ্মিত প্ৰথম উপগ্ৰহ উৎক্ষেপক যান SLV- 3ৰ দ্বিতীয় পৰীক্ষামুলক উৎক্ষেপন সফল হৈছিল । SLV- 3 য়ে ‘ৰোহিণী’ নামৰ ৩৫ কিলোগ্ৰাম ওজনৰ এটা উপগ্ৰহ কক্ষপথত স্থাপন কৰিছিল । ‘ৰোহিণী’ য়ে পৃথিৱীৰ পৰা ২৮৫ কিলোমিটাৰ উচ্চতাৰ এক উপপথত প্ৰতিঘণ্টাত ২৮ হাজাৰ কিলোমিটাৰ বেগেৰে পৰিভ্ৰমণ কৰিছিল। ‘ৰোহিণী’ক ভাৰতৰ শ্ৰীহৰিকোটাৰ পৰা উৎক্ষেপণ কৰা হৈছিল।

➡️ ১৯৮৩ চনৰ ১৮ জুলাইত বিহাৰত তিনি হাজাৰ চিকিৎসকৰ গণছুটী হৈছিল ।

➡️ বিশিষ্ট ইংৰাজ লেখিকা জেনী অষ্টেনৰ মৃত্যু হৈছিল ১৯৯৭ চনৰ আজিৰ দিনটোতে।

➡️ ২০০২ চনৰ ১৮ জুলাইত ডঃ এ পি জে আব্দুল কালাম ভাৰতৰ দ্বাদশগৰাকী ৰাষ্ট্ৰপতি ৰূপে নিৰ্বাচিত হৈছিল।

সংগৃহীত

You might also like
Leave A Reply

Your email address will not be published.