আজি ১৯ অক্টোবৰ

➡️ ১২১৬ চনৰ আজিৰ দিনটোতে ইংলেণ্ডৰ ৰজা জনৰ (John) মৃত্যু হৈছিল । মাত্ৰ ন বছৰ বয়সতে তৃতীয় হেনৰী ইংলেণ্ডৰ ৰজা ৰূপে অভিষিক্ত হৈছিল।

➡️ ১৭৪৫ চনৰ ১৯ অক্টোবৰত ইংৰাজ ব্যংগ ৰচনাকাৰ জনাথন ছুইফটৰ মৃত্যু হৈছিল। ‘গালিভাৰছ ট্ৰেভেলছ’ তেওঁৰ প্ৰসিদ্ধ ৰচনা।

➡️ ১৮১৩ চনৰ ১৯ অক্টোবৰত লিপিজিগ যুদ্ধত ৰাছিয়া, প্ৰুছিয়া আৰু অষ্ট্ৰিয়াৰ সন্মিলিত শক্তিৰ হাতত নোপোলিয়নৰ পৰাজয় হৈছিল । তেওঁক এলবা দ্বীপলৈ নিৰ্বাসন দিয়া হৈছিল। পিছত এই দ্বীপৰ পৰা পলাবলৈ নেপোলিয়ন সমৰ্থ হয় আৰু পুনৰ ফ্ৰান্সৰ শাসনভাৰ গ্ৰহণ কৰে।

➡️১৮৮৯ চনৰ আজিৰ দিনটোতে অসমৰ ডিগবৈত ভাৰত তথা এছিয়াৰ সৰ্বপ্ৰথম ব্যৱসায়ভিত্তিক খাৰুৱা তেলৰ উৎপাদন আৰম্ভ হৈছিল।

➡️ ইংৰাজ পদাৰ্থ-বিজ্ঞানী আৰ্নেষ্ট ৰাডাৰফোৰ্ডৰ মৃত্যু হৈছিল ১৯৩৭ চনৰ ১৯ অক্টোবৰত।

➡️ ১৯৭৫ চনৰ আজিৰ দিনটোতে ভাৰতৰ প্ৰথম কৃত্ৰিম উপগ্ৰহ আৰ্যভট্টই ২,৭৪০ বাৰ পৃথিৱী ভ্ৰমণ সম্পূৰ্ণ কৰি ৪,৩০০ ঘণ্টা মহাকাশত কটাই প্ৰায় ৮০ শতাংশ কাম সূচাৰুৰূপে পালন কৰিছিল।

➡️ ১৯৮৮ চনৰ আজিৰ দিনটোতে বায়ুদূত বিমানৰ দুৰ্ঘটনাত গুৱাহাটীত ৩৪ জন লোকৰ মৃত্যু হৈছিল।

➡️ ১৯৯১ চনৰ আজিৰ দিনটোত উত্তৰ ভাৰতত হোৱা প্ৰবল ভূমিকম্পৰ ফলত প্ৰায় ২,০০০ লোকৰ মৃত্যু হৈছিল।

➡️ মাৰ্কিন স্থলসেনাই আফগানিস্তান আক্ৰমণ কৰিছিল ২০০১ চনৰ ১৯ অক্টোবৰত ।

➡️ ২০০৩ চনৰ আজিৰ দিনটোতে মাদাৰ টেৰেছাক মৰণোত্তৰভাৱে ৰোমান কেথলিকৰ অন্যতম শীৰ্ষস্থানীয় ধৰ্মীয় মৰ্যাদা স্বৰ্গলাভৰ মুখপ্ৰাপ্তি (বিয়েটিফিকেচন) প্ৰদান কৰা হৈছিল।

➡️ ২০০৩ চনৰ আজিৰ দিনটোতে বৈষ্ণৱ পণ্ডিত ইলাৰাম দাসৰ মৃত্যু হৈছিল।।

You might also like
Leave A Reply

Your email address will not be published.