আজি ১৯ আগষ্ট

➡️ আজি আফগানিস্তানৰ স্বাধীনতা দিৱস।

➡️ ১৯৯৪ চনৰ আজিৰ দিনটোতে দুবাৰকৈ (১৯৫৪,১৯৬২) ন’বেল বঁটা বিজয়ী বিজ্ঞানী লিনাছ পাউলিঙৰ মৃত্যু হৈছিল।

➡️ ১৯৯৩ চনৰ ১৯ আগষ্টত নেপালী ভাষা-সাহিত্যৰ সংৰক্ষণ আৰু বিকাশৰ অৰ্থে কাৰ্বি আংলঙৰ হাৱাইপুৰত অসম নেপালী সাহিত্য সভাৰ জন্ম হৈছিল । প্ৰথম সভাপতি আছিল লক্ষ্মীপ্ৰসাদ পৰাজুলী আৰু সম্পাদক আছিল হৰ্ষ বাহাদুৰ চেত্ৰী।

➡️ বিজ্ঞানী ব্লেইজ পাস্কেলৰ মৃত্যু হৈছিল ১৬৬২ চনৰ ১৯ আগষ্টত।

➡️ ১৮৮০ চনৰ আজিৰ দিনটোতে সাহিত্যিক জ্ঞানদাভিৰাম বৰুৱাৰ জন্ম হৈছিল।

➡️ ১৯০৪ চনৰ ১৯ আগষ্টত গীতিকবি পাৰ্বতিপ্ৰসাদ বৰুৱাৰ জন্ম হৈছিল।

➡️ ভাৰতৰ নৱম ৰাষ্ট্ৰপতি শংকৰ দয়াল শৰ্মাৰ জন্ম হৈছিল ১৯১৮ চনৰ আজিৰ দিনটোতে।

➡️ ১৯২৬ চনৰ ১৯ আগষ্টত কবি-সমালোচক অজিৎ বৰুৱাৰ জন্ম হৈছিল ।

➡️ ১৯৩৬ চনৰ ১৯ আগষ্টত স্পেইনৰ কবি, নাট্যকাৰ ফেডেৰিকো গাৰ্থিয়া লৰকাৰ মৃত্যু হৈছিল ।

➡️ জাৰ্মানীৰ বিৰুদ্ধে ব্ৰিটেইন আৰু ফ্ৰান্সে যুদ্ধ ঘোষণা কৰিছিল ১৯৩৯ চনৰ আজিৰ দিনটোতে। লগে লগে চৰকাৰীভাৱে দ্বিতীয় মহাসমৰ আৰম্ভ হৈছিল। ৩০ ছেপ্তেম্বৰৰ পৰা এই যুদ্ধ ঘনীভূত হয়।

➡️১৯৪৯ চনৰ আজিৰ দিনটোতে ভুবনেশ্বৰক উৰিষ্যাৰ ৰাজধানীৰূপে ঘোষণা কৰা হৈছিল।

➡️ ২০০০ চনৰ ১৯ আগষ্টত বড়ো সাহিত্য সভাৰ সভাপতি বিনেশ্বৰ ব্ৰহ্ম আততায়ীৰ হাতত নিহত হৈছিল।

➡️ মধ্যপ্ৰাচ্যত পেলেষ্টাইন-ইজৰাইলৰ মাজত যুদ্ধ অব্যাহত হৈছিল ২০০১ চনৰ আজিৰ দিনটোতে।

➡️ ২০০২ চনৰ ১৯ আগষ্টত ইউৰোপৰ জাৰ্মানী, অষ্ট্ৰীয়া, হাংগেৰী আদি দেশ প্ৰবল বানৰ কবলত পৰিছিল।।

You might also like
Leave A Reply

Your email address will not be published.