আজি ১৯ জুলাই

➡️ ১২৯৬ চনৰ ১৯ জুলাইত আলাউদ্দিন খিলিজীয়ে দিল্লীৰ সিংহাসন অধিকাৰ কৰিছিল ।

➡️ বাংলা সাহিত্যৰ যশস্বী লেখক বলাইচান্দ মুখোপাধ্যায়ৰ (‘বনফুল’ নামে খ্যাত) জন্ম হৈছিল ১৮৯৯ চনৰ আজিৰ দিনটোতে।

➡️ ১৯১৮ চনৰ ১৯ জুলাইত ভাৰতত সন্ত্ৰাসবাদী কাৰ্যকলাপ দমনৰ উপায় অৱলম্বনৰ অৰ্থে ন্যায়াধীশ এছ এ টি ৰাওলাটৰ অধ্যক্ষতাত গঠিত ৰাওলাট সমিতিয়ে প্ৰতিবেদন দাখিল কৰিছিল ।

➡️ ফিনলেণ্ডৰ ৰাজধানী হেলছিংকিত ফঞ্চদশ অলিম্পিক ক্ৰীড়া সমাৰোহ আৰম্ভ হৈছিল ১৯৫২ চনৰ ১৯ জুলাইত। এই সমাৰোহ ৩ আগষ্টলৈকে চলিছিল ।

➡️ ১৯৬৯ চনৰ আজিৰ দিনটোতে ভাৰতৰ ১৪ টা বাণিজ্যিক বেংক ৰাষ্ট্ৰীয়কৰণ কৰা হৈছিল।

➡️ ব্ৰিটিছ সৈন্যৰ হাতত কটোৱাৰ যুদ্ধত বংগৰ নবাব মীৰকাছিম পৰাজিত হৈছিল ১৯৭০ চনৰ ১৯ জুলাইত।

➡️ ১৯৮০ চনৰ আজিৰ দিনটোৰ পৰাই ৰাছিয়াৰ ৰাজধানী মস্কোত দ্বাবিংশতম অলিম্পিক ক্ৰীড়া সমাৰোহ আৰম্ভ হৈছিল । এই সমাৰোহ ৩ আগষ্টলৈকে চলিছিল।

➡️ ১৯৯৬ চনৰ ১৯ জুলাইত আমেৰিকাৰ আটলান্টাত ষষ্ঠবিংশতম অলিম্পিক ক্ৰীড়া সমাৰোহ আৰম্ভ হৈছিল । এই সমাৰোহ ৪ আগষ্টলৈকে চলিছিল । আটলান্টা অলিম্পিকতে ভাৰতৰ লিয়েণ্ডাৰ পেজে লাভ কৰিছিল টেনিছৰ ব্ৰঞ্জৰ পদক।

➡️ ইউৰোপৰ সৰ্ববৃহৎ আগ্নেয়গিৰি মাউন্ট এটনাৰ উদগীৰণ হৈছিল ২০০১ চনৰ আজিৰ দিনটোতে।

➡️ ২০০১ চনৰ ১৯ জুলাইত আদালতক ভুল পথে পৰিচালনা কৰাৰ অপৰাধত ঔপন্যাসিক জেফ্ৰি আৰ্ছাৰক চাৰি বছৰৰ কাৰাদণ্ডৰ লগতে ২,৪৫,০০০ ডলাৰ জৰিমনাৰ শাস্তি দিয়া হৈছিল।

➡️ ২০০২ চনৰ আজিৰ দিনটোতে গুজৰাটৰ মুখ্যমন্ত্ৰী হিচাপে নৰেন্দ্ৰ মোদীয়ে পদত্যাগ কৰিছিল আৰু বিধানসভা ভংগ হৈছিল।

➡️ ১৯৭৩ চনৰ ১৯ জুলাইত সমৰ-কলাবিদ ব্ৰুছ লীৰ মৃত্যু হৈছিল। জিট-কানে-ডো শৈলীৰ সমৰ-কলাৰ উদ্ভাৱ ব্ৰুছ লীক কুৰি শতিকাৰ এগৰাকী প্ৰভাৱশালী সমৰ-কলাবিদ ৰূপে আখ্যা দিয়া হয়।।

You might also like
Leave A Reply

Your email address will not be published.