আজি ১ আগষ্ট

➡️ ১৪৯৮ খ্ৰীষ্টফাৰ আজিৰ দিনটোতে কলম্বাছে দক্ষিণ আমেৰিকাৰ মুল ভূ-ভাগ আৱিস্কাৰ কৰিছিল।

➡️ ১৯১৬ চনৰ ১ আগষ্টৰ পৰাই এনী বেছাণ্টৰ হোম ৰুল লীগ আন্দোলন আৰম্ভ হৈছিল।

➡️ স্বাধীনতা সংগ্ৰামী বাল গংগাধৰ তিলকৰ মৃত্যু হৈছিল ১৯২০ চনৰ ১ আগষ্টত।

➡️ ১৯২০ চনৰ আজিৰ দিনটোৰ পৰাই মহাত্মা গান্ধীৰ নেতৃত্বত আনুষ্ঠানিকভাৱে ভাৰতৰ অসহযোগ আন্দোলন আৰম্ভ হৈছিল।

➡️ ১৯৩৬ চনৰ আজিৰ দিনটোৰ পৰাই বাৰ্লিনত অলিম্পিক ক্ৰীড়া সমাৰোহ আৰম্ভ হৈছিল । এই সমাৰোহ ১৬ আগষ্টলৈকে চলিছিল ।

➡️ ইংৰাজ সাহিত্যিক এইচ জি ৱেলছৰ মৃত্যু হৈছিল ১৯৪৬ চনৰ আজিৰ দিনটোতে।

➡️ ১৯৫৭ চনৰ ১ আগষ্টত নতুন দিল্লীত নেচনেল বুক ট্ৰাষ্ট গঠন কৰা হৈছিল ।

➡️ পশ্চিম আফ্ৰিকাৰ দেশ বেনিনে স্বাধীনতা লাভ কৰিছিল ১৯৬০ চনৰ ১ আগষ্টত। সেই সময়ত দেশখনৰ নাম আছিল ডেছোমি। ১৯৭৫ চনত ইয়াৰ নাম হয় বেনিন।

➡️ যাত্ৰীবাহী উৰাজাহাজৰ প্ৰথমগৰাকী মহিলা পাইলটৰূপে দুৰ্বা বেনাৰ্জীয়ে কাৰ্যভাৰ গ্ৰহণ কৰিছিল ১৯৭৫ চনৰ ১ আগষ্টত।

➡️ ১৭৪৪ চনৰ আজিৰ দিনটোতে ফৰাচী জীৱবিজ্ঞানী লেমাৰ্কৰ জন্ম হৈছিল।

➡️ ১৯৮৭ চনৰ ১ আগষ্টত মক্কাত ২০০ গৰাকী ইৰানী হজযাত্ৰীৰ মৃত্যু হৈছিল।

➡️ ১৯৮৬ চনৰ আজিৰ দিনটোৰ পৰাই ভাৰতত স্পীড পোষ্ট বা দ্ৰুত ডাকসেৱা আৰম্ভ হৈছিল ।

➡️ ১৯৯৯ চনৰ ১ আগষ্টত বৰ্ষীয়ান ভাৰতীয় সাহিত্যিক নিৰোদ চি চৌধুৰীৰ মৃত্যু হৈছিল।।

You might also like
Leave A Reply

Your email address will not be published.