আজি ১ এপ্ৰিল

➡️আজি ইৰানৰ ৰাষ্ট্ৰীয় দিৱস।
➡️এই দিনটো এপ্ৰিল ফুল ডে’ হিচাপে পালন কৰা হয়।
➡️১৫৭৮ চনৰ ১ এপ্ৰিল তাৰিখে ইংৰাজ চিকিৎসা বিজ্ঞানী, ৰক্ত সঞ্চালন প্ৰক্ৰিয়াৰ আৱিষ্কাৰক উইলিয়াম হাৰ্ভেৰ জন্ম হৈছিল।
➡️১৮১৫ চনৰ আজিৰ দিনটোতে জাৰ্মানীৰ ৰাষ্ট্ৰনায়ক অটো ভন বিছমাৰ্কৰ জন্ম হৈছিল।
➡️১৮৬৯ চনৰ এই দিনটোতে আঢ়ৈ কোটি টকাৰ বাজেট ঘাটি পুৰাবলৈ ভাৰতত প্ৰথমবাৰৰ বাবে আয়কৰৰ প্ৰচলন কৰা হৈছিল।
➡️১৯১২ চনৰ ১ এপ্ৰিল তাৰিখে ভাৰতৰ ৰাজধানী আনুষ্ঠানিকভাৱে কলকাতাৰ পৰা দিল্লীলৈ স্থানান্তৰ হৈছিল।
➡️১৯২৭ চনৰ আজিৰ দিনটোতে সাহিত্যিক যোগেশ দাসৰ জন্ম হৈছিল।
➡️১৯৩৫ চনৰ এই দিনটোতে ৰিজাৰ্ভ বেংক অব ইণ্ডিয়াৰ কাম-কাজ আৰম্ভ হৈছিল।
➡️১৯৩৬ চনৰ ১ এপ্ৰিল তাৰিখে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ জন্ম হৈছিল। আনুষ্ঠানিক প্ৰমাণ-পত্ৰৰ হিচাপত তৰুণ গগৈৰ জন্ম ১৯৩৬ চনৰ ১ এপ্ৰিলত যদিও গগৈয়ে প্ৰকৃততে ১৯৩৫ চনৰ ১১ অক্টোবৰতহে জন্ম গ্ৰহণ কৰিছিল। সেয়েহে দীৰ্ঘদিন ধৰি তেওঁৰ দুয়োটা জন্মদিনেই পালন কৰি অহা হৈছে।
➡️১৯৫৭ চনৰ এই দিনটোতে ভাৰতত প্ৰথমবাৰৰ বাবে নয়া পইচাৰ প্ৰচলন হৈছিল।
➡️১৯৬৯ চনৰ আজিৰ দিনটোতে মুম্বাইৰ ওচৰৰ তাৰাপুৰত ভাৰতৰ প্ৰথমটো নিউক্লিয়াৰ শক্তিকেন্দ্ৰ মুকলি কৰা হৈছিল।
➡️১৯৭৯ চনৰ ১ এপ্ৰিল তাৰিখে পাকিস্তানত জুলফিকৰ আলী ভূট্টোৰ ফাঁচি হৈছিল।।

You might also like
Leave A Reply

Your email address will not be published.