আজি ১ ছেপ্টেম্বৰ

➡️ ১৭১৫ চনৰ আজিৰ দিনটোতে ফ্ৰান্সৰ ৰজা চতুৰ্দশ লুইৰ মৃত্যু হৈছিল।

➡️ ভূ-দান আন্দোলনৰ নেতা ৱিনোৱা ভাৱেৰ জন্ম হৈছিল ১৮৯৪ চনৰ ১ ছেপ্তেম্বৰত।

➡️ ১৯২৩ চনৰ ১ ছেপ্তেম্বৰত জাপানত প্ৰবল ভূমিকম্প হৈছিল । এই ভূমিকম্পত প্ৰায় ১,৪৩,০০০ লোকৰ মৃত্যু হৈছিল ।

➡️ ১৯৪২ চনৰ আজিৰ দিনটোতে ৰাসবিহাৰী বসুৰ উদ্যোগত ইণ্ডিয়ান নেচনেল আৰ্মীয়ে (পিছলৈ আজাদ হিন্দ ফৌজ) প্ৰতিষ্ঠা লাভ কৰিছিল।

➡️ ভাৰতীয় মান সময় (Indian standard time) সংক্ষেপে SIT) প্ৰৱৰ্তন কৰা হৈছিল ১৯৪৭ চনৰ ১ ছেপ্তেম্বৰত।

➡️ ১৯৫০ চনৰ ১ ছেপ্তেম্বৰত প্ৰসিদ্ধ বাংলা সাহিত্যিক বিভূতিভূষণ বন্দোপাধ্যায়ৰ মৃত্যু হৈছিল। ‘পথেৰ পাঁচলি’ তেওঁৰ স্মৰণীয় সৃষ্টি।

➡️ ১৯৫৬ চনৰ আজিৰ দিনটোতে জীৱন বীমা নিগম গঠন কৰা হৈছিল।

➡️ ১৯৯৭ চনৰ ১ ছেপ্তেম্বৰত লেফটেনেণ্ট জেনেৰেল (অৱসৰপ্ৰাপ্ত) শ্ৰীনিৱাস কুমাৰ সিনহাই অসমৰ ৰাজ্যপাল ৰূপে কাৰ্যভাৰ গ্ৰহণ কৰিছিল । ২০০৩ চনৰ ২৯ মে’লৈকে তেওঁ অসমৰ ৰাজ্যপাল ৰূপে কাৰ্যনিৰ্বাহ কৰিছিল।

➡️ ২০০২ চনৰ ১ ছেপ্তেম্বৰত নাট্যকাৰ-পৰিচালক বি ভি কাৰান্থৰ মৃত্যু হৈছিল ।

➡️ অসম ৰাজ্যিক পথ পৰিবহণ নিগমৰ উদ্যোগত দ্ৰুতবেগী ভলভো বাছসেৱাৰ পৰীক্ষামূলক যাত্ৰা আৰম্ভ হৈছিল ২০০৪ চনৰ আজিৰ দিনটোতে।

➡️ ২০০৪ চনৰ ১ ছেপ্তেম্বৰত আত্মঘাতী চেচেন বিদ্ৰোহীৰ দ্বাৰা ৰাছিয়াৰ বেছলান চহৰৰ এখন স্কুলত দুশ ছাত্ৰ-ছাত্ৰীসহ চাৰিশজনক পণবন্দী কৰা হৈছিল।।

You might also like
Leave A Reply

Your email address will not be published.