আজি ১ জুলাই..

????আজি চিকিৎসক দিৱস আৰু কানাডা দিৱস।
????আজি ছোমালিয়াৰ জাতীয় দিৱসৰ লগতে ৰুৱাণ্ডাৰ স্বাধীনতা দিৱস।
????১৯৪৮ চনৰ আজিৰ দিনটোতেই গুৱাহাটী আৰু শ্বিলঙত স্থাপন কৰা হৈছিল প্ৰথম অনাতাঁৰ কেন্দ্ৰ। অসমৰ সমাজ জীৱনত গৌৰৱৰ ধ্বজা উৰুৱাই আকাশবাণীয়ে আজিও শ্ৰোতাৰ মন জয় কৰি আছে । প্ৰতিষ্ঠা দিৱস উপলক্ষে আকাশবাণী গুৱাহাটীৰ এফ এম মহাবাহু যোগে আজি নিশা ৯.৩০ বজাত প্ৰচাৰ কৰা হ’ব আকাশবাণী গুৱাহাটীৰ দ্বাৰা প্ৰচাৰিত প্ৰথমখন নাট ‘ধৰালৈ যিদিনা নামিব সৰগ’। নাটখনৰ ৰচনা আছিল সত্যপ্ৰসাদ বৰুৱাৰ।
???? আজিৰ দিনটোৰ পৰাই ভাৰতত ১৮৫২ চনত ডাকটিকট আৰু ১৮৭৯ চনত পোষ্টকাৰ্ডৰ প্ৰচলন আৰম্ভ হৈছিল।
????১৯৬৫ চনৰ ১ জুলাইত ডিব্ৰুগড় বিশ্ববিদ্যালয় প্ৰতিষ্ঠা হৈছিল।
????১৯৬০ চনৰ আজিৰ দিনটোৰ পৰাই ৰাজ্যজুৰি ভাষা আন্দোলনৰ সূচনা হৈছিল। এই আন্দোলনৰ উদ্দেশ্য আছিল অসমীয়া ভাষাক চৰকাৰী ভাষা হিচাপে অসমত প্ৰচলন কৰা।।

You might also like
Leave A Reply

Your email address will not be published.