আজি ১ নবেম্বৰ

➡ ১৮৫৮ চনৰ আজিৰ দিনটোতে ভাৰতত ইষ্ট ইণ্ডিয়া কোম্পানীৰ শাসনৰ সামৰণি হৈছিল । সমগ্ৰ ভাৰতৰ শাসন ইংলেণ্ডৰ ৰাণীয়ে হস্তগত কৰিছ্ল । ভাৰত আনুষ্ঠানিকভাৱে ইংৰাজৰ অধীনলৈ গৈছিল ।

➡ ১৮৮১ চনৰ ১ নৱেম্বৰত ভাৰতৰ কলকাতাত প্ৰথমবাৰৰ বাবে ঘোঁৰাই টনা ট্ৰামৰ প্ৰচলন হৈছিল ।

➡ ত্ৰিপুৰাই কেন্দ্ৰীয়শাসিত অঞ্চলৰ মৰ্যদা লাভ কৰিছিল ১৯৫৬ চনৰ আজিৰ দিনটোতে । দিল্লীকো কেন্দ্ৰীয়শাসিত অঞ্চলৰ মৰ্যদা প্ৰদান কৰা হৈছিল । আনহাতে ৰাজ্য পুনৰ্গঠন আয়োগৰ অনুমোদন অনুসৰি নতুন অন্ধ্ৰ প্ৰদেশ গঠিত হৈছিল । ৰাজধানী আছিল হায়দৰাবাদ।

➡ ১৯৬৬ চনৰ ১ নৱেম্বৰত পঞ্জাব পুনৰ দ্বিখণ্ডিত হৈছিল । দুখন স্বতন্ত্ৰ ৰাজ্য পঞ্জাব আৰু হাৰিয়ানা গঠন হৈছিল । উভয়ৰে উভয়ৰে ৰাজধানী আছিল চণ্ডীগড়।

➡ মাৰ্কিন কবি এজৰা পাউণ্ডৰ মৃত্যু হৈছিল ১৯৭২ চনৰ আজিৰ দিনটোতে ।

➡ ১৯৭৩ চনৰ ১ নৱেম্বৰত মহীশূৰ ৰাজ্যৰ নাম সলনি কৰি নতুন নাম কৰ্ণাটক কৰা হৈছিল । লাক্ষাদ্বীপ, মিনিকয় আৰু আমিন ডিভিক একেলগে লাক্ষাদ্বীপ নামেৰে নামকৰণ আৰু কেন্দ্ৰীয়শাসিত অঞ্চলৰ মৰ্যদা প্ৰদান কৰা হৈছিল । মাত্ৰ ৩২ বৰ্গ কিলোমিটাৰ মাটিকালিৰ লাক্ষাদ্বীপেই ভাৰতৰ আটাইতকৈ সৰু কেন্দ্ৰীয়শাসিত অঞ্চল ।

➡ মোহময়ী অভিনেত্ৰী ঐশ্বৰ্য ৰায়ৰ জন্ম হৈছিল ১৯৭৩ চনৰ ১ নৱেম্বৰত ।

➡ ১৯৯৮ চনৰ আজিৰ দিনটোতে গুৱাহাটীৰ খানাপাৰাত গেছ টেংকাৰ বিস্ফোৰণত ১১ জন লোকৰ মৃত্যু হৈছিল

➡ ২০০০ চনৰ ১ নৱেম্বৰত মধ্য প্ৰদেশৰ প্ৰায় এক তৃতীয়াংশ অঞ্চলেৰে ছত্তীশগড় ৰাজ্য গঠনৰ ঘোষণা কৰা হৈছিল ।

➡ হৰেকৃষ্ণ ডেকা অসমৰ আৰক্ষী সঞ্চালক ৰূপে দায়িত্ব গ্ৰহণ কৰিছিল ২০০০ চনৰ ১ নৱেম্বৰত ।

➡ ২০০১ চনৰ ১ নৱেম্বৰত এছ পি ভাৰুচাৰ উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ৰূপে কাৰ্যভাৰ গ্ৰহণ কৰিছিল । ২০০২ চনৰ ৫ মে’লৈকে তেওঁ এই পদবীত কাৰ্যনিৰ্বাহ কৰিছিল।।

You might also like
Leave A Reply

Your email address will not be published.