আজি ২০ আগষ্ট

➡️ আজি সদ্ভাৱনা দিৱস।

➡️ ১৮৯৭ চনৰ আজিৰ দিনটোতে ইংৰাজ বিজ্ঞানী ছাৰ ৰ’নাল্ড ৰছে আৱিষ্কাৰ কৰিছিল যে মেলেৰিয়া ৰোগৰ জীৱাণু মহৰ দ্বাৰা সংক্ৰামিত হয়।

➡️ ইটালীৰ কবি ছালভাটোৰ কোৱাশ্বিমোডোৰ জন্ম হৈছিল ১৯০১ চনৰ আজিৰ দিনটোতে। ১৯৫৯ চনত তেওঁ সাহিত্যৰ ন’বেল বঁটা লাভ কৰিছিল।

➡️ ১৮২৮ চনৰ ২০ আগষ্টত কলকাতাত ব্ৰাহ্ম সমাজ প্ৰতিষ্ঠা কৰা হৈছিল ।

➡️ ১৯৪৪ চনৰ ২০ আগষ্টত ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীৰ জন্ম হৈছিল ।

➡️ ১৯৭৯ চনৰ আজিৰ দিনটোতে মাত্ৰ ২৩ দিন প্ৰধানমন্ত্ৰী ৰূপে কাৰ্যনিৰ্বাহ কৰাৰ অন্তত প্ৰধান মন্ত্ৰী চৌধুৰী চৰণ সিঙে পদত্যাগ কৰিছিল। অৱশ্যে ১৯৮০ চনৰ ১৪ জানুৱাৰীলৈকে তেওঁ তদাৰকী প্ৰধান মন্ত্ৰী ৰূপে কাৰ্যনিৰ্বাহ কৰিছিল ।

➡️ ৰাজীৱ গান্ধী হত্যাৰ প্ৰধান ষড়যন্ত্ৰকাৰী তামিল উগ্ৰপন্থী শিৱৰাসৰণ আৰু তেওঁৰ সংগী শুভা পুলিচৰ হাতত ধৰা পৰাৰ আগেয়েই আত্মহত্যা কৰিছিল ১৯৭৯ ৰ ২০ আগষ্টত।

➡️ ১৯৯১ চনৰ আজিৰ দিনটোতে এষ্টোনিয়াই পূৰ্ণ স্বাধীনতা লাভ কৰিছিল।

➡️ নেপালী, কংকনী আৰু মণিপুৰী ভাষাক ভাৰতৰ সংবিধানে স্বীকৃতি প্ৰদান কৰিছিল ১৯৯২ চনৰ ২০ আগষ্টত।

➡️ ১৯৯৮ চনৰ আজিৰ দিনটোতে উত্তৰাঞ্চল (বৰ্তমানৰ উত্তৰাখণ্ড), ছত্তীশগড় আৰু ঝাৰখণ্ড নামৰ তিনিখন নতুন ৰাজ্য গঠনৰ ঘোষণা কৰা হৈছিল।

➡️ ২০০৩ চনৰ ২০ আগষ্টত চিত্ৰশিল্পী শোভা ব্ৰহ্ম শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ উপ-সভাপতি নিৰ্বাচিত হৈছিল।

➡️ ১৭৭৯ চনৰ আজিৰ দিনটোতে ছুইডেনৰ বিজ্ঞানী জন্‌ছ জেকব বাৰ্জেলিয়াছৰ জন্ম হৈছিল।।

You might also like
Leave A Reply

Your email address will not be published.