আজি ২১ অক্টোবৰ

➡️ ১২৯৬ চনৰ ২১ অক্টোবৰত আলাউদ্দিন খিলিজীয়ে দিল্লীৰ সিংহাসন আৰোহণ কৰিছিল।

➡️ ১৭৭২ চনৰ আজিৰ দিনটোতে ইংৰাজ ৰোমাণ্টিক কবি ছেমুৱেল টেলৰ ক’লৰিজৰ জন্ম হৈছিল ।

➡️ ১৮০৫ চনৰ ২১ অক্টোবৰত ঐতিহাসিক ট্ৰেফেলগাৰ যুদ্ধত নৌ সেনাধ্যক্ষ হেৰোচিঅ’ নেলছনৰ নেতৃত্বত ব্ৰিটিছ বাহিনীয়ে জয়লাভ কৰিছিল । যুদ্ধত গুৰুতৰভাৱে আহত নেলছনৰ যুদ্ধ সামৰণি পৰাৰ কেইঘণ্টামানৰ পিছতে মৃত্যু হৈছিল।

➡️ ছুইডেনৰ বিজ্ঞানী, ডিনামাইটৰ আৱিষ্কাৰক আলফ্ৰেড নোবেলৰ জন্ম হৈছিল ১৮৩৩ চনৰ ২১ অক্টোবৰত।

➡️ ১৯৩৪ চনৰ ২১ অক্টোবৰত জয়প্ৰকাশ নাৰায়ণৰ নেতৃত্বত কংগ্ৰেছ ছ’চিয়েলিষ্ট পাৰ্টী প্ৰতিষ্ঠা হৈছিল।

➡️ ১৯৩৪ চনৰ আজিৰ দিনটোতে মাও-ছে তুঙে বিখ্যাত ‘লং মাৰ্চ’ আৰম্ভ কৰিছিল ।

➡️ ১৯৪৩ চনৰ ২১ অক্টোবৰত ছিংগাপুৰত সুভাষ চন্দ্ৰ বসুৰ আজাদ হিন্দ চৰকাৰ প্ৰতিষ্ঠাৰ কথা ঘোষণা কৰিছিল ।

➡️ অন্ধ্ৰ প্ৰদেশৰ টেলেংগানা আন্দোলন প্ৰত্যাহাৰ হৈছিল ১৯৫১ চনৰ ২১ অক্টোবৰত।

➡️ ১৯৯১ চনৰ আজিৰ দিনটোতে এদিনীয়া ক্ৰিকেটত দুশ উইকেট দখলেৰে কপিলদেৱে বিশ্ব অভিলেখ গঢ়িছিল। শ্বাৰজাহাত ভাৰত বনাম ৱেষ্ট ইণ্টিজৰ মাজত হোৱা খেলত কপিলদেৱে এই কৃতিত্ব অৰ্জন কৰিছিল।

➡️ হিন্দী চলচ্চিত্ৰ অভিনেতা অজিতৰ ৭৬ বছৰ বয়সত মৃত্যু হৈছিল ১৯৯৮ চনৰ ২১ অক্টোবৰত।

➡️ ১৯৯৯ চনৰ আজিৰ দিনটোতে প্ৰবীণ প্ৰযোজক তথা পৰিচালক বি আৰ চোপ্ৰালৈ ১৯৯৮ চনৰ ‘দাদা চাহেব ফাল্কে’ বঁটা আগবঢ়োৱা হৈছিল।

➡️ ১৯৯৯ চনৰ আজিৰ দিনটোতে ভাৰতত পাক টিভিৰ ওপৰত থকা নিষেধাজ্ঞা প্ৰত্যাহাৰ কৰা হৈছিল।

➡️ ২০০১ চনৰ আজিৰ দিনটোতে বিশ্ব জুনিয়ৰ হকীত ভাৰত চেম্পিয়ন হৈছিল ।।

You might also like
Leave A Reply

Your email address will not be published.