১৩২৭ চনৰ ২১ ছেপ্টেম্বৰত ইংলেণ্ডৰ ৰজা দ্বিতীয় এডৱাৰ্ডক বন্দী কৰি হত্যা কৰা হৈছিল। তৃতীয় এডৱাৰ্ড ইংলেণ্ডৰ নতুন ৰজা হৈছিল ।
১৯৭০ চনৰ আজিৰ দিনটোতে ব্ৰিটিছ সৈন্যই দক্ষিণ ভাৰতৰ কালিকট দখল কৰিছিল।
প্ৰসিদ্ধ ইংৰাজ সাহিত্যিক ছাৰ ৱাল্টাৰ স্কটৰ মৃত্যু হৈছিল ১৮৩২ চনৰ ২১ ছেপ্টেম্বৰত।
১৮৬০ চনৰ ২১ ছেপ্টেম্বৰত জাৰ্মান দাৰ্শনিক আৰ্থাৰ স্কোপেনহেয়াৰৰ মৃত্যু হৈছিল।
১৮৬৬ চনৰ আজিৰ দিনটোতে ইংৰাজ সাহিত্যিক এইচ জি ৱেলছৰ (হাৰ্বাৰ্ট জৰ্জ ৱেলছ) জন্ম হৈছিল।
চীনত গণ প্ৰজাতন্ত্ৰ প্ৰতিষ্ঠিত হৈছিল ১৯৪৯ চনৰ ২১ ছেপ্টেম্বৰত।লগতে ছিয়াং কাই শ্বেকৰ সেনা পৰাস্ত হৈছিল ।
১৯৫০ চনৰ আজিৰ দিনটোতে নাছিকত দুদিনীয়াকৈ জাতীয় কংগ্ৰেছ ৫৬ তম অধিৱেশন আৰম্ভ হৈছিল । সভাপতি আছিল পুৰুষোত্তম দাস টেণ্ডন।
বিশিষ্ট শিল্পী, ব্যৱসায়ী ক্ষীৰদাকান্ত বিষয়াৰ মৃত্যু হৈছিল ১৯৯৯ চনৰ ২১ ছেপ্টেম্বৰত।
খ্ৰীষ্টপূৰ্ব ১৯ ৰ আজিৰ দিনটোতে ৰোমৰ প্ৰসিদ্ধ কবি তথা দাৰ্শনিক ভাৰ্জিলৰ মৃত্যু হৈছিল।।