আজি ২২ আগষ্ট

➡️ ১৬০২ চনৰ ২২ আগষ্টত মোগল যুগৰ প্ৰসিদ্ধ ইতিহাসবিদ তথা সম্ৰাট আকবৰৰ মন্ত্ৰী আবুল ফজলৰ আততায়ীৰ হাতত মৃত্যু হৈছিল।

➡️ ১৮১৮ চনৰ ২২ আগষ্টত ভাৰতৰ প্ৰথম গৱৰ্নৰ জেনেৰেল ৱাৰেন হেষ্টিংছৰ মৃত্যু হৈছিল।

➡️ সাংবাদিক কীৰ্তিনাথ হাজৰিকাৰ জন্ম হৈছিল ১৯২২ চনৰ আজিৰ দিনটোতে।

➡️ ১৯২৯ চনৰ ২২ আগষ্টত কবি-সাহিত্যিক মহেন্দ্ৰ বৰাৰ জন্ম হৈছিল।

➡️ ১৯৭৯ চনৰ ২২ আগষ্টত ভাৰতীয় সংসদীয় ইতিহাসত প্ৰথমবাৰৰ বাবে কোনো দলে সুস্থিৰ চৰকাৰ গঠন কৰিব নোৱাৰাত ৰাষ্ট্ৰপতি নীলম সঞ্জীৱ ৰেড্ডীয়ে লোকসভা ভংগৰ নিৰ্দেশ দিছিল ।

➡️ ১৯৪২ চনৰ ২২ আগষ্টত জাৰ্মান সেনাই ৰাছিয়াৰ ষ্টেলিনগ্ৰেড অৱৰোধ কৰিছিল।

➡️ ৰাছিয়াৰ জাতীয় পতাকাৰ পৰা কাচি-হাতুৰী চিহ্ন ৰাষ্ট্ৰপতি য়েল্টছিনে প্ৰত্যাহাৰ কৰিছিল ১৯৯১ চনৰ ২২ আগষ্টত।

➡️ ১৯৯৮ চনৰ আজিৰ দিনটোতে লালুপ্ৰসাদ যাদৱ আৰু বিহাৰৰ মুখ্য মন্ত্ৰী ৰাবৰী দেৱীৰ বাসভৱনত চি বি আইয়ে খানা তালাচী চলাইছিল।

➡️ ২০০২ চনৰ আজিৰ দিনটোতে ভাৰতীয় ক্ৰিকেটাৰ শচীন তেণ্ডুলকাৰে তেওঁৰ ৯৯ তম মেচত টেষ্ট ক্ৰিকেটত ৩০ তম শতক অৰ্জন কৰি ক্ৰিকেটাৰ ডন ব্ৰেডমেনৰ ৰেকৰ্ড ভংগ কৰিছিল।

➡️ ২০০২ চনৰ ২২ আগষ্টত নেপালৰ উত্তৰ অঞ্চলত হোৱা ভূমিস্খলনত ৮০ৰো অধিক লোকৰ মৃত্যু হৈছিল।

➡️ ২০০২ চনৰ আজিৰ দিনটোতে পাঁচ বছৰৰ বাবে নিজকে পাকিস্তানৰ ৰাষ্ট্ৰপতি তথা সেনাপ্ৰধান ৰূপে ঘোষণা কৰিছিল পাৰভেজ মুছাৰফে।।

You might also like
Leave A Reply

Your email address will not be published.