আজি ২২ ছেপ্টেম্বৰ

➡️ ১১২২ চনৰ ২২ ছেপ্টেম্বৰত জাৰ্মানীৰ ৱৰ্মছত হোৱা সন্ধিৰ পিছত গিৰ্জাৰ ক্ষমতাক লৈ পোপ আৰু সম্ৰাটৰ বিবাদৰ অন্ত হৈছিল ।

➡️ ১৫৩৯ চনৰ আজিৰ দিনটোতে শিখ ধৰ্ম প্ৰচাৰক গুৰু নানক স্বৰ্গগামী হৈছিল ।

➡️ ১৫৯৯ চনৰ ২২ ছেপ্টেম্বৰত পূব, দক্ষিণ-পূব এছিয়া আৰু ভাৰতৰ বিভিন্ন প্ৰান্তত বেহা-বেপাৰ কৰাৰ উদ্দেশ্যে ইংলেণ্ডত যুটীয়া মূলধনৰ ব্যৱসায়িক কোম্পানী ইষ্ট ইণ্ডিয়া কোম্পানী গঠন হৈছিল । একে বছৰৰে ৩১ ডিচেম্বৰত ইংলেণ্ডৰ ৰাণীয়ে কোম্পানীটোক উপৰিউক্ত অঞ্চলত ব্যৱসায় কৰাৰ একচেটিয়া অধিকাৰ প্ৰদান কৰিছিল ।

➡️ ইংৰাজ বিজ্ঞানী মাইকেল ফেৰাডেৰ জন্ম হৈছিল ১৭৯০ চনৰ ২২ ছেপ্টেম্বৰত।

➡️ ১৭৯২ চনৰ আজিৰ দিনটোতে ফ্ৰান্সত প্ৰথম ৰাজতন্ত্ৰ প্ৰতিষ্ঠা হৈছিল।

➡️ ১৯৩৭ চনৰ ২২ ছেপ্টেম্বৰত চীনৰ কমিউনিষ্ট পাৰ্টীয়ে গ্ৰহণ কৰা এক সিদ্ধান্তৰ পৰিণতিত দহ বছৰজোৰা গৃহযুদ্ধৰ অৱসান হৈছিল।

➡️ ১৯৯০ চনৰ আজিৰ দিনটোতে চীনৰ বেইজিঙত একাদশ এছিয়ান গেমছ আৰম্ভ হৈছিল । এই ক্ৰীড়া সমাৰোহ দুসপ্তাহ ধৰি চলিছিল ।

➡ মাৰাঠী আৰু হিন্দী চলচ্চিত্ৰৰ প্ৰসিদ্ধ অভিনেত্ৰী দুৰ্গা খোটেৰ মৃত্যু হৈছিল ১৯৯১ চনৰ ২২ ছেপ্টেম্বৰত।

➡️ ১৯৯১ চনৰ ২২ ছেপ্টেম্বৰত ছোভিয়েট যুক্তৰাষ্ট্ৰৰ ৯৫ শতাংশ ভোটদাতাৰ স্বাধীন আৰু গণতান্ত্ৰিক আৰ্মেনিয়া গঠনৰ সপক্ষে ৰায় দান কৰা হৈছিল ।

➡️ ২০০২ চনৰ আজিৰ দিনটোতে ডঃ ভবেন্দ্ৰ নাথ শইকীয়াক কমল কুমাৰী বঁটা প্ৰদান কৰা হৈছিল ।

➡️ গুৱাহাটীৰ পৰা শ্বিলং অভিমুখী এখন পৱনসংস হেলিকপ্টাৰ বৰাপানীত দুৰ্ঘটনাত পতিত হৈছিল ২০০৪ চনৰ আজিৰ দিনটোতে। মেঘালয়ৰ গ্ৰামোন্নয়ন মন্ত্ৰী চীপ্ৰিয়াম চাংমাসহ দহজন লোকৰ এই দূৰ্ঘটনাত মৃত্যু হৈছিল ।।

You might also like
Leave A Reply

Your email address will not be published.