আজি ২২ মাৰ্চ

➡️আজিৰ দিনটো বিশ্ব জল দিৱস হিচাপে পালন কৰা হয়।
➡️১৭৩৯ চনৰ ২২ মাৰ্চ তাৰিখে পাৰস্যৰ ৰজা নাদিৰ শ্বাহৰ আক্ৰমণত দিল্লী বিধ্বস্ত হৈছিল।
➡️১৮৩২ চনৰ আজিৰ দিনটোতে জাৰ্মান কবি-সাহিত্যিক গ্যেটেৰ (সম্পূৰ্ণ নাম যোহান উলফগেং ভন গ্যেটে) মৃত্যু হৈছিল।
➡️১৯০৭ চনৰ এই দিনটোতে দক্ষিণ আফ্ৰিকাত মহাত্মা গান্ধীৰ সত্যাগ্ৰহ আৰু আইন অমান্য আন্দোলনৰ সূচনা হৈছিল।
➡️১৯৩০ চনৰ ২২ মাৰ্চ তাৰিখে মহাত্মা গান্ধীৰ নেতৃত্বত ভাৰতত আইন অমান্য আন্দোলন আৰম্ভ হৈছিল।
➡️১৯৪৭ চনৰ ২২ মাৰ্চ তাৰিখে লৰ্ড মাউণ্টবেটেনৰ ভাৰতলৈ আগমন। এই বছৰৰে ২৪ মাৰ্চত তেওঁ ভাৰতৰ অন্তিমগৰাকী ভাইচৰয় ৰূপে কাৰ্যভাৰ গ্ৰহণ কৰে।
➡️১৯৯৭ চনৰ আজিৰ দিনটোতে হেলব’প ধুমকেতুৰ পৃথিৱীৰ নিচেই কাষত অৱস্থান।
➡️২০০৩ চনৰ ২২ মাৰ্চ তাৰিখে চন্দ্ৰপ্ৰসাদ শইকীয়াক ২০০২ বৰ্ষৰ অসম উপত্যকা সাহিত্য বঁটা প্ৰদান কৰা হৈছিল।
➡️২০০৫ চনৰ আজিৰ দিনটোতে দক্ষিণৰ জনপ্ৰিয় অভিনেতা জেমিনি গণেশনৰ মৃত্যু হৈছিল।।

You might also like
Leave A Reply

Your email address will not be published.