আজি ২৩ ছেপ্টেম্বৰ

➡️ বছৰটোৰ দিন-ৰাতি সমান হয় আজিৰ দিনটোতেই।

➡️ ১৮৩৯ চনৰ ২৩ ছেপ্টেম্বৰত অষ্ট্ৰিয়’ৰ মনোবিজ্ঞানী ছিগমণ্ড ফ্ৰয়ডৰ জন্ম হৈছিল ।

➡️ ফৰাচী বিজ্ঞানী, গণিতজ্ঞ উৰবেইন লেভেৰিয়াৰে নেপচুন গ্ৰহ আৱিষ্কাৰ কৰিছিল ১৮৪৬ চনৰ ২৩ ছেপ্টেম্বৰত।

➡️ ১৮৬২ চনৰ আজিৰ দিনটোতে প্ৰসিদ্ধ ৰাজনীতিবিদ শ্ৰীনিৱাস শাস্ত্ৰীৰ জন্ম হৈছিল ।

➡️১৯০১ চনৰ ২৩ ছেপ্টেম্বৰত চেকোশ্লোভাকিয়াৰ যশস্বী কবি ইয়াৰোশ্লাভ ছাইফাৰ্টৰ জন্ম হৈছিল । চেকোশ্লোভাকিয়াৰ তেৱেঁই প্ৰথম সাহিত্যত ন’বেল বঁটা লাভ কৰিছিল ।

➡️ ছোভিয়েট ৰাছিয়াত প্ৰথম পাৰমাণৱিক বোমাৰ বিস্ফোৰণ হৈছিল ১৯৪৯ চনৰ ২৩ ছেপ্টেম্বৰত।

➡️ ১৯৬৫ চনৰ ২৩ ছেপ্টেম্বৰত ভাৰত-পাকিস্তানৰ মাজত যুদ্ধবিৰতি ঘোষণা কৰা হৈছিল ।

➡️ ১৯৭২ চনৰ আজিৰ দিনটোতে বিশিষ্ট কবি পাবলো নেৰুডাৰ (প্ৰকৃত নাম কেফতালি ৰিকাৰ্ডো ৰেইছ বাছোৱালটো) মৃত্যু হৈছিল ।

➡️ ১৯৯৭ চনৰ ২৩ ছেপ্টেম্বৰত ভাৰতৰ প্ৰথম স্থল ক্ষেপণাস্ত্ৰ পৃথ্বীৰ সফল পৰীক্ষণ সম্পন্ন হৈছিল ।

➡️ ভাৰত আৰু পাকিস্তানৰ ওপৰত থকা আমেৰিকাই অৰ্থনৈতিক নিষেধাজ্ঞা প্ৰত্যাহাৰ কৰিছিল ২০০১ চনৰ ২৩ ছেপ্টেম্বৰত।

➡️ ২০০১ চনৰ আজিৰ দিনটোতে ৱৰ্ল্ড ট্ৰেড চেণ্টাৰৰ ঘটনাত মৃতকৰ সংখ্যা ৬,০০০ বুলি চৰকাৰীভাৱে আমেৰিকাই ঘোষণা কৰিছিল।

➡️ ২০০৩ চনৰ ২৩ ছেপ্টেম্বৰত নিউয়ৰ্কত ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদৰ সন্মিলন আৰম্ভ হৈছিল ।।

You might also like
Leave A Reply

Your email address will not be published.