আজি ২৩ মাৰ্চ

➡️এই দিনটো পাকিস্তানৰ জাতীয় দিৱস হিচাপে পালন কৰা হয়।
➡️আজিৰ দিনটো বিশ্ব বতৰ বিজ্ঞান দিৱস হিচাপে পালন কৰা হয়।
➡️১৭৫৭ চনৰ ২৩ মাৰ্চ তাৰিখে ৰবাৰ্ট ক্লাইভৰ নেতৃত্বত ব্ৰিটিছ বাহিনীৰ ফৰাচীৰ হাতৰ পৰা চন্দন নগৰ দখল।
➡️১৮৩৬ চনৰ আজিৰ দিনটোতে অসমলৈ ছপাশালৰ আগমন হৈছিল। এই দিনটোতে নাথান ব্ৰাউন আৰু অলিভাৰ কট্টৰ এটা ছপাশালসহ অসমত উপস্থিত হয়হি।
➡️১৮৯৮ চনৰ এই দিনটোতে কবি নলিনীবালা দেৱীৰ জন্ম হৈছিল।
➡️১৯১০ চনৰ ২৩ মাৰ্চ তাৰিখে উত্তৰ প্ৰদেশৰ আকবৰপুৰত সমাজবাদী নেতা ৰাম মনোহৰ লোহিয়াৰ জন্ম হৈছিল।
➡️১৯২৪ চনৰ আজিৰ দিনটোতে সাহিত্যিক বীৰেন বৰকটকীৰ জন্ম হৈছিল।
➡️১৯৩১ চনৰ ২৩ মাৰ্চ তাৰিখে এজন ব্ৰিটিছ কনিষ্টবলক হত্যা কৰাৰ অপৰাধত দুজন সহযোগীৰ (সুখদেৱ আৰু শিৱৰাম) সৈতে ভগৎ সিঙৰ ফাঁচী হৈছিল।
➡️১৯৪০ চনৰ এই দিনটোতে মুছলিম লীগৰ পাকিস্তান গঠনৰ প্ৰস্তাৱ গ্ৰহণ।
➡️১৯৯৯ চনৰ আজিৰ দিনটোতে গল্পকাৰ, ঔপন্যাসিক প্ৰবীণা শইকীয়াৰ মৃত্যু হৈছিল।
➡️১৯৯৯ চনৰ ২৩ মাৰ্চ তাৰিখে স্বাধীনতা সংগ্ৰামী পুষ্পলতা দাসক ‘পদ্মভূষণ’ সন্মান প্ৰদান কৰা হৈছিল।
➡️২০০০ চনৰ আজিৰ দিনটোতে অসমৰ শৰীৰ-চৰ্চাবিদ বিজিৎ গগৈৰ ভাৰতশ্ৰী সন্মান লাভ।
➡️২০০৩ চনৰ এই দিনটোতে বিশ্বকাপ ক্ৰিকেটত তেণ্ডুলকাৰৰ ‘মেন অব দা টুৰ্নামেন্ট’ৰ খিতাপ অৰ্জন। ভাৰতক হৰুৱাই এই বিশ্বকাপত অষ্টেলিয়া চেম্পিয়ন হৈছিল।।

You might also like
Leave A Reply

Your email address will not be published.