আজি ২৪ অক্টোবৰ

➡ আজি ৰাষ্ট্ৰসংঘৰ প্ৰতিষ্ঠা দিৱস।

➡ ১৫৭৭ চনৰ আজিৰ দিনটোতে মোগল সম্ৰাট আকবৰে আবণ্টন দিয়া ভূমিত চতুৰ্থ শিশু গুৰু ৰামদাসৰ অমৃতসৰ চহৰ প্ৰতিষ্ঠা কৰিছিল । তেতিয়া ইয়াৰ নাম আছিল ৰামদাসপুৰ। ৰামদাসে ইয়াতে খন্দোৱা অমৃত সৰোবৰ নামৰ এটা সৰোবৰৰ পৰাই পিছত পঞ্চম শিখ গুৰু অৰ্জুন দেৱে চহৰখন অমৃতসৰ হিচাপে নামকৰণ কৰে। ২৪ অক্টোবৰৰ দিনটো অমৃতসৰৰ প্ৰতিষ্ঠা দিৱস হিচাপে গ্ৰহণ কৰা হয়।

➡ ছুইডেনৰ জ্যোতিৰ্বিজ্ঞানী টাইকো ব্ৰাহেৰ মৃত্যু হৈছিল ১৬০১ চনৰ ২৪ অক্টোবৰত ।

➡ ১৬০৫ চনৰ আজিৰ দিনটোতে চতুৰ্থ মোগল সম্ৰাট জাহাংগীৰে সিংহাসনত আৰোহণ কৰিছিল ।

➡ ১৬৩২ চনৰ ২৪ অক্টোবৰত ইংলেণ্ডৰ স্বভাৱ বিজ্ঞানী, অণুবীক্ষণ যন্ত্ৰৰ আৱিষ্কাৰক এণ্টনী ভন লিউৱেহুকৰ জন্ম হৈছিল ।

➡ ৱেষ্টফালিয়া সন্ধি হৈছিল ১৬৪৮ চনৰ ২৪ অক্টোবৰত । লগে লগে ত্ৰিছ বছৰীয়া যুদ্ধৰ অৱসান হৈছিল ।

➡ ১৭৭৫ চনৰ আজিৰ দিনটোতে শেষ মোগল সম্ৰাট বাহাদুৰ শ্বাহৰ (দ্বিতীয়) জন্ম হৈছিল ।

➡ কলকাতা আৰু ডায়মণ্ড হাৰবাৰৰ মাজত জনসাধাৰণৰ বাবে প্ৰথম টেলিগ্ৰাফ লাইন মুকলি কৰা হৈছিল ১৮৫১ চনৰ আজিৰ দিনটোতে।

➡ ১৮৭১ চনৰ আজিৰ দিনটোতে পদ্মনাথ গোহাঞিবৰুৱাৰ জন্ম হৈছিল ।

➡ ১৯৪৫ চনৰ ২৪ অক্টোবৰত ৫০ খন দেশৰ অন্তৰ্ভুক্তিৰে বিশ্বশান্তিৰ উদ্দেশ্যে ৰাষ্ট্ৰসংঘ প্ৰতিষ্ঠা কৰা হৈছিল ।

➡ মধ্য-দক্ষিণ আফ্ৰিকাৰ ভূমিবদ্ধ দেশ উত্তৰ ৰোডেছিয়াই স্বাধীনতা লাভ কৰিছিল ১৯৬৪ চনৰ ২৪ অক্টোবৰত । দেশখনৰ নতুন নাম জাম্বিয়া ।

➡ ১৯৮৪ চনৰ ২৪ অক্টোবৰত কলকাতাত ভাৰতৰ প্ৰথম মাটিৰ তলেদি যোৱা ৰে’ল ব্যৱস্থা বা মেট্ৰো ৰে’ল মুকলি কৰা হৈছিল ।

➡ ২০০৩ চনৰ আজিৰ দিনটোতে হায়দৰাবাদত এফ্ৰো-এছিয়ান গেমছ আৰম্ভ হৈছিল ।

➡ অসমৰ লোককলা আৰু লোক-সংস্কৃতিৰ অন্যতম সাধক তথা গৱেষক প্ৰদীপ চলিহাৰ মৃত্যু হৈছিল ২০০৩ চনৰ আজিৰ দিনটোতে ।।

You might also like
Leave A Reply

Your email address will not be published.