আজি ২৪ ছেপ্টেম্বৰ

➡️ ১৭২৬ চনৰ আজিৰ দিনটোতে কলকাতা, চেন্নাই আৰু মুম্বাইত পৌৰ নিগম তথা আদালত স্থাপনৰ বাবে ইষ্ট ইণ্ডিয়া কোম্পানীয়ে অনুমতি লাভ কৰিছিল।

➡️ ১৮৯৫ চনৰ ২৪ ছেপ্টেম্বৰত প্ৰখ্যাত ফৰাচী চিকিৎসক তথা শৰীৰবিদ আন্দ্ৰে ফ্ৰেডেৰিক কৰুনাদৰ জন্ম হৈছিল।

➡️ ডেনমাৰ্কৰ প্ৰসিদ্ধ চিকিৎসা-বিজ্ঞানী নীলছ ৰাইবাৰ্গ ফিনছেনৰ মৃত্যু হৈছিল ১৯০৪ চনৰ ২৪ ছেপ্টেম্বৰত। ফটোথেৰাপী’ৰ আৱিষ্কাৰৰ বাবে তেঁওৰ নাম বিশেষভাৱে বিখ্যাত।

➡️ ১৯২৪ চনৰ ২৪ ছেপ্টেম্বৰত জাতীয়তাবাদী কংগ্ৰেছৰ বিশিষ্ট শ্ৰমিক নেতা কৃষ্ণকুমাৰ শুক্লাৰ জন্ম হৈছিল ।

➡️ ১৯৬১ চনৰ আজিৰ দিনটোতে ভাৰতৰ ৰাজনৈতিক কৰ্মী মাডাম ৱিকাজী কামাৰ জন্ম হৈছিল ।

➡️ অসমৰ অপহৃত বিজেপী প্ৰাৰ্থী পান্নালাল অছোৱালৰ আততায়ীৰ হাতত মৃত্যু হৈছিল ১৯৯৯ চনৰ ২৪ ছেপ্টেম্বৰত।

➡️ ২০০১ চনৰ আজিৰ দিনটোতে মাৰ্কিন যুক্তৰাষ্ট্ৰত থকা বিন লাডেনৰ সম্পত্তি বাজেয়াপ্ত কৰা হৈছিল।

➡️ ২০০২ চনৰ ২৪ ছেপ্টেম্বৰত চেন্নাইত ৫.৬ প্ৰাবল্যৰ ভূমিকম্প সংঘটিত হৈছিল।

➡️ গুজৰাটৰ গান্ধীনগৰৰ অক্ষৰধাম মন্দিৰত উগ্ৰপন্থীয়ে আক্ৰমণ কৰিছিল ২০০২ চনৰ ২৪ ছেপ্টেম্বৰত। আক্ৰমণত দুজন উগ্ৰপন্থীসহ ২৬ জনৰ মৃত্যু হৈছিল।

➡️ ২০০৩ চনৰ ২৪ ছেপ্টেম্বৰত আমেৰিকাৰ ৰাষ্ট্ৰপতি জৰ্জ বুশ্বৰ সৈতে প্ৰধান মন্ত্ৰী বাজপেয়ীৰ সাক্ষাৎ হৈছিল।

➡️ ২০০৭ চনৰ আজিৰ দিনটোতে প্ৰথম টুৱেণ্টী ২০ বিশ্বকাপ ক্ৰিকেটত পাকিস্তানক ৫ ৰানত পৰাজিত কৰি ভাৰত চেম্পিয়ন হৈছিল । ১০ ছেপ্টেম্বৰত এই প্ৰতিযোগিতা আৰম্ভ হৈছিল ।।

You might also like
Leave A Reply

Your email address will not be published.