আজি ২৫ আগষ্ট

➡️ ১৩৪৬ চনৰ ২৫ আগষ্টত ক্ৰেচিৰ যুদ্ধ হৈছিল। এই যুদ্ধত ইংলেণ্ডৰ হাতত ফ্ৰান্সৰ পৰাজয় হৈছিল ।

➡️ ১৭৬৫ চনৰ ২৫ আগষ্টৰ পৰা ইংলেণ্ডত কুখ্যাত ‘ষ্টাম্প এক্ট’ৰ প্ৰচলন আৰম্ভ হৈছিল । ইয়াৰ প্ৰতিবাদত দেশজুৰি বিদ্ৰোহৰ সূচনা হৈছিল ।

➡️ ১৮১৯ চনৰ আজিৰ দিনটোতে আধুনিক ভাপ ইঞ্জিনৰ আৱিষ্কাৰক জেম্‌চ ৱাটৰ মৃত্যু হৈছিল।

➡️ ইংৰাজী বিজ্ঞানী মাইকেল ফেৰাডেৰ মৃত্যু হৈছিল ১৮৬৭ চনৰ ২৫ আগষ্টত।

➡️ ১৮৮৮ চনৰ আজিৰ দিনটোতে কলকাতাত অসমীয়া ভাষা উন্নতি সাধিনী সভা, চমুকৈ অ ভা উ সা সভাৰ গঠন হৈছিল ।

➡️ ১৯০৫ চনৰ ২৫ আগষ্টত ফৰাচী পদাৰ্থবিদ, তেজস্ক্ৰিয় ৰশ্মিৰ আৱিষ্কাৰক এণ্টেইন হেন্‌ৰী বেকাৰেলৰ মৃত্যু হৈছিল ।

➡️ হকী খেলুৱৈ ধ্যানচাঁদৰ জন্ম হৈছিল ১৯০৫ চনৰ ২৫ আগষ্টত।

➡️ ১৯৪৩ চনৰ ২৫ আগষ্টত নেতাজী সুভাষ চন্দ্ৰ বসু আজাদ হিন্দ ফৌজৰ সৰ্বাধিনায়ক হৈছিল।

➡️ ৰোমত অলিম্পিক ক্ৰীড়া সমাৰোহ আৰম্ভ হৈছিল ১৯৬০ চনৰ আজিৰ দিনটোৰ পৰা। এই সমাৰোহ ১১ ছেপ্তেম্বৰলৈ চলিছিল ।

➡️ ২০০৩ চনৰ ২৫ আগষ্টত মুম্বাইৰ বোমা বিস্ফোৰণত ৪৪ জন নিহত হৈছিল।

➡️ ১৯৪২ চনৰ আজিৰ দিনটোতে চৈয়দ মহম্মদ ছাদুল্লা অসমৰ মুখ্যমন্ত্ৰী হৈছিল। ১৯৪৬ চনৰ ১১ ফেব্ৰুৱাৰীলৈকে তেওঁ এই পদত কাৰ্যনিৰ্বাহ কৰিছিল।।

You might also like
Leave A Reply

Your email address will not be published.