আজি ২৬ অক্টোবৰ

➡ ১৭৬৪ চনৰ আজিৰ দিনটোতে প্ৰসিদ্ধ ইংৰাজ চিত্ৰশিল্পী উইলিয়াম হগাৰ্থৰ মৃত্যু হৈছিল ।

➡ ১৯৩৪ চনৰ ২৬ অক্টোবৰত মহাত্মা গান্ধীৰ উদ্যোগত গ্ৰামীণ শিল্প সমিতি গঠন হৈছিল।

➡ মাও-ছে-তুঙৰ নেতৃত্বত ঐতিহাসিক ‘লং মাৰ্চ’ আৰম্ভ হৈছিল ১৯৩৬ চনৰ ২৬ অক্টোবৰত ।

➡ ১৯৪৭ চনৰ আজিৰ দিনটোতে ভাৰতীয় সেনাৰ পাক অনুপ্ৰৱেশকাৰীৰ হাতৰ পৰা কাশ্মীৰ মুক্ত হৈছিল ।

➡ ১৯৫৫ চনৰ ২৬ অক্টোবৰত দক্ষিণ ভিয়েটনামক প্ৰজাতন্ত্ৰ ঘোষণা কৰা হৈছিল।

➡ সাহিত্যৰত্ন চন্দ্ৰধৰ বৰুৱাৰ মৃত্যু হৈছিল ১৯৬১ চনৰ ২৬ অক্টোবৰত।

➡ ১৯৬২ চনৰ ২৬ অক্টোবৰত চীনৰ ভাৰত আক্ৰমণৰ পৰিপ্ৰেক্ষিতত ভাৰতত প্ৰথমবাৰৰ বাবে জৰুৰীকালীন অৱস্থা ঘোষণা কৰা হৈছিল ।

➡ ১৯৬৯ চনৰ আজিৰ দিনটোতে মহাকাশচাৰী নীল আৰ্মষ্টিং আৰু এডুইন এলড্ৰিনে ভাৰত ভ্ৰমণ কৰিছিল ।

➡ ১৯৯০ চনৰ ২৬ অক্টোবৰত মেঘালয়ৰ প্ৰাক্তন মুখ্যমন্ত্ৰী উইলিয়ামছন চাংমাৰ মৃত্যু হৈছিল ।

➡ বিশিষ্ট ব্ৰিটিছ অভিনেতা ৰিচাৰ্ড হেৰিছৰ ৭২ বছৰ বয়সত মৃত্যু হৈছিল ২০০২ চনৰ ২৬ অক্টোবৰত।

➡ ২০০৩ চনৰ ২৬ অক্টোবৰত গোৱালিয়ৰত অনুষ্ঠিত এদিনীয়া ক্ৰিকেটত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ভাৰতে ৩৭ ৰানত জয়লাভ কৰিছিল ।

➡ ২০০৪ চনৰ আজিৰ দিনটোতে ২০০৩ চনৰ সংগীত নাটক একাডেমী বঁটা অসমৰ অৰুণ শৰ্মা, প্ৰভাত শৰ্মা আৰু কোষকান্ত দেৱগোস্বামীক প্ৰদান কৰা হৈছিল ।।

You might also like
Leave A Reply

Your email address will not be published.