আজি ২৬ আগষ্ট

➡️ ১৩০৩ চনৰ ২৬ আগষ্টত আলাউদ্দিন খিলিজীয়ে চিতো দুৰ্গ দখল কৰিছিল।

➡️ ১৭২৩ চনৰ ২৬ আগষ্টত অণুবীক্ষণ যন্ত্ৰৰ আৱিষ্কাৰক লিউৱেনহুকৰ মৃত্যু হৈছিল।

➡️ ১৭৪৩ চনৰ ২৬ আগষ্টত আধুনিক ৰসায়ন-শাস্ত্ৰৰ বাটকটীয়া ফৰাচী বিজ্ঞানী এণ্টোইন লৰেণ্ট লেভয়ছিয়াৰৰ জন্ম হৈছিল।

➡️ ভাৰতৰ প্ৰসিদ্ধ লো-তীখা কোম্পানী ‘টাটা আইৰন এণ্ড ষ্টীল কোম্পানী’ পঞ্জীয়নভুক্ত হৈছিল ১৯০৭ চনৰ আজিৰ দিনটোতে।

➡️ ১৯৪৩ চনৰ ২৬ আগষ্টত আনুষ্ঠানিকভাৱে আজাদ হিন্দ ফৌজৰ জন্ম হৈছিল।

➡️ ১৯৭২ চনৰ ২৬ আগষ্টৰ পৰা মিউনিখত অলিম্পিক ক্ৰীড়া সমাৰোহ হৈছিল । লগতে মিউনিখ অলিম্পিকৰ আজিৰ দিনটোতে আৰবী গেৰিলা বিদ্ৰোহীৰ দ্বাৰা ইজৰাইলী খেলুৱৈক হত্যা কৰা হৈছিল।

➡️ ২০০২ চনৰ ২৬ আগষ্টত প্ৰচাৰ ভাৰতীত থলুৱা যুৱকক নিযুক্তিৰ ক্ষেত্ৰত প্ৰৱঞ্চনাৰ অভিযোগত গুৱাহাটী দূৰদৰ্শন কেন্দ্ৰত বিক্ষোভ কৰ্যসূচী ৰূপায়ন কৰা হৈছিল। বিক্ষোভত পোন্ধৰ লাখ টকাৰ সা-সম্পত্তিৰ ক্ষতিসাধন হৈছিল।

➡️ ২০০২ চনৰ ২৬ আগষ্টত টেষ্ট ক্ৰিকেটত ইংলেণ্ডৰ বিৰুদ্ধে ভাৰতে জয়লাভ কৰিছিল।

➡️ ভাৰতীয় ৰাজনীতিবিদ পশু অধিকাৰ কৰ্মী তথা পৰিৱেশবিদ মানেকা গান্ধীৰ জন্ম হৈছিল ১৯৫৬ চনৰ আজিৰ দিনটোতে।।

You might also like
Leave A Reply

Your email address will not be published.