আজি ২৬ জুলাই

➡️ আজি মালদ্বীপৰ স্বাধীনতা দিৱস। ১৯৬৫ চনৰ আজিৰ দিনটোতে মালদ্বীপে স্বাধীনতা লাভ কৰিছিল ।

➡️ ১৯৭৮ চনৰ ২৬ জুলাইত লণ্ডনত বিশ্বৰ প্ৰথমটো টেষ্ট টিউব বেবীৰ জন্ম হৈছিল । এই শিশুটিৰ নাম ৰখা হৈছিল লুইজ জয় ব্ৰাউন।

➡️ শ্বেৰ বাহাদুৰ দেউবাৰে নেপালৰ নতুন প্ৰধান মন্ত্ৰী ৰূপে শপত গ্ৰহণ কৰিছিল ২০০১ চনৰ আজিৰ দিনটোতে।

➡️ ২০০৮ চনৰ ২৬ জুলাইত সু- সাহিত্যিক, শিক্ষাবিদ, সমাজকৰ্মী নাৰায়ণ ঘাটোৱাৰৰ মৃত্যু হৈছিল ।

➡️ ঈশ্বৰচন্দ্ৰ বিদ্যাসাগৰৰ উদ্যোগত ভাৰতত বিধৱা বিবাহ আইন প্ৰচলন কৰা হৈছিল ১৮৫৬ চনৰ ২৬ জুলাইত।

➡️ ১৮৫৬ চনৰ আজিৰ দিনটোতে আইৰিছ নাট্যকাৰ আৰু সমালোচক জৰ্জ বাৰ্নাৰ্ড শ্বৰ জন্ম হৈছিল । বাৰ্নাৰ্ডা শ্বই ১৯২৫ চনত সাহিত্যৰ ন’বেল বঁটা লাভ কৰিছিল।

➡️ ১৯৫৩ চনৰ আজিৰ দিনটোৰ পৰাই ফিডেল কাষ্ট্ৰোৰ নেতৃত্বত কিউবাত স্বৈৰাচাৰী বাতিস্তাৰ শাসনৰ বিৰুদ্ধে আন্দোলন আৰম্ভ হৈছিল ।

➡️ প্ৰখ্যাত ইংৰাজ ঔপন্যাসিক আলডুছ হাক্সলীৰ ইংলেণ্ডত জন্ম হৈছিল ১৮৯৪ চনৰ ২৬ জুলাইত।

➡️ ১৯৯১ চনৰ আজিৰ দিনটোতেই দীৰ্ঘ নিৰ্বাসনৰ পিছত দক্ষিণ আফ্ৰিকাই অলিম্পিকৰ সদস্যপদ লাভ কৰিছিল ।

➡️ ১৯৯১ চনৰ ২৬ জুলাইত ছোভিয়েট যুক্তৰাষ্ট্ৰৰ কমিউনিষ্ট পাৰ্টীৰ দুদিনব্যাপী অনুষ্ঠিত কেন্দ্ৰীয় সমিতিৰ সভাত দলৰ প্ৰধান সম্পাদক তথা ছোভিয়েট যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি মিখাইল গৰ্বাচেভে মাৰ্ক্সবাদ-লেলিনবাদৰ পথ এৰি সামাজিক-গণতান্ত্ৰিক দল গঢ়াৰ প্ৰস্তাৱ উত্থাপন কৰিছিল । সভাত এই প্ৰস্তাৱ অনুমোদিত হৈছিল । সমাজতন্ত্ৰৰ পথৰ পৰা ছোভিয়েট ৰাছিয়া আঁতৰি অহাৰ এই সিদ্ধান্ত বিশ্ব ইতিহাসত বিশেষ তাৎপৰ্যপূৰ্ণ।।

You might also like
Leave A Reply

Your email address will not be published.