আজি ২৮ অক্টোবৰ

➡️ ১০১৭ চনৰ আজিৰ দিনটোতে জাৰ্মান সম্ৰাট তৃতীয় হেনৰীৰ জন্ম হৈছিল ।

➡️ ১৬২৭ চনৰ ২৮ অক্টোবৰত চতুৰ্থ মোগল সম্ৰাট জাহাংগীৰৰ মৃত্যু হৈছিল ।

➡️ ভগ্নী নিবেদিতাৰ (প্ৰকৃত নাম মাৰ্গাৰেট এলিজাবেথ নোবেল) আয়াৰলেণ্ডত জন্ম হৈছিল ১৮৬৭ চনৰ আজিৰ দিনটোতে । স্বামী বিবেকানন্দৰ শিষ্যত্ব গ্ৰহণ কৰা এইগৰাকী নাৰীয়ে ভাৰতকে আপোন ঘৰ বুলি লৈ ভাৰতৰ সেৱাত আত্মনিয়োগ কৰিছিল ।

➡️ ১৮৬৭ চনৰ ২৮ অক্টোবৰত ৰোমান্টিক কবি চন্দ্ৰকুমাৰ আগৰৱালাৰ জন্ম হৈছিল ।

➡️ ১৯২২ চনৰ আজিৰ দিনটোতে আলবেনিয়াৰ স্বাধীনতা ঘোষণা কৰা হৈছিল ।

➡️ কম্পিউটাৰ-ছফটৱেৰ ইঞ্জিনিয়াৰ বিল গেটছৰ জন্ম হৈছিল ১৯৫৫ চনৰ আজিৰ দিনটোতে ।

➡️ ১৯৬০ চনৰ ২৮ অক্টোবৰত শিল্পী যুগল দাসে অংকন কৰা অসম সাহিত্য সভাৰ প্ৰতীকচিহ্ন গ্ৰহণ কৰা হৈছিল ।

➡️ ১৯৯৭ চনৰ আজিৰ দিনটোতে দিলীপ পাৰিখৰ নেতৃত্বত গুজৰাটত ১৬ জনীয়া সদস্যৰে ৰাষ্ট্ৰীয় জনতা পাৰ্টীৰ মন্ত্ৰীসভা গঠন কৰা হৈছিল ।

➡️ প্ৰাক্তন ভাৰতীয় টেষ্ট অধিনায়ক গুলাম আহমেদৰ ৭৬ বছৰ বয়সত মৃত্যু হৈছিল ১৯৯৮ চনৰ ২৮ অক্টোবৰত ।

➡️ ১৯৯৮ চনৰ আজিৰ দিনটোতে ঢাকাত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে জীৱনৰ তিনিশতম এদিনীয়া মেচত অংশ লৈ মহম্মদ আজহাৰউদ্দিন এদিনীয়া ক্ৰিকেটত আটাইতকৈ বেছি সংখ্যক মেচ খেলা প্ৰথমগৰাকী খেলুৱৈ ৰূপে পৰিগণিত হৈছিল ।

➡️ ১৯৯৯ চনৰ ২৮ অক্টোবৰত ভাৰতৰ বিৰুদ্ধে থকা আমেৰিকাই অৰ্থনৈতিক নিষেধাজ্ঞা প্ৰত্যাহাৰ কৰিছিল ।

➡️ অনুসূচিত জাতি-জনজাতিৰ ক্ষেত্ৰত থকা সংৰক্ষণ আৰু দহ বছৰলৈ বৃদ্ধি কৰা হৈছিল ১৯৯৯ চনৰ আজিৰ দিনটোতে ।

➡️ ২০০০ চনৰ ২৮ অক্টোবৰত ২২ বছৰ কাৰ্যনিৰ্বাহৰ অন্তত পশ্চিমবংগৰ মুখ্যমন্ত্ৰী জ্যোতি বসুই মুখ্য মন্ত্ৰীত্বৰ পৰা অৱসৰ লৈছিল ।।

You might also like
Leave A Reply

Your email address will not be published.