আজি ২৮ আগষ্ট

➡️ ১৭৪৯ চনৰ আজিৰ দিনটোতে জাৰ্মান সাহিত্যিক যোহান উলফগেং ভন গ্যেটৰ জন্ম হৈছিল।

➡️ ২০০২ চনৰ ২৮ আগষ্টত দেশৰ ভিতৰত প্ৰথমটো বন্যপ্ৰাণী উদ্ধাৰ কেন্দ্ৰ অসমৰ কাজিৰঙাত স্থাপন কৰা হৈছিল।

➡️ ২০০২ চনৰ ২৮ আগষ্টত অসমৰ ৰাজ্যপাল এছ কে সিনহা দ্বিতীয়টো কাৰ্যকালৰ বাবে অসমৰ ৰাজ্যপাল হিচাপে মনোনীত হৈছিল।

➡️ ভাৰতত সাধাৰণ বীমা ৰাষ্ট্ৰীয়কৰণ কৰা হৈছিল ১৯৭২ চনৰ ২৮ আগষ্টত।

➡️ ১৯০৪ চনৰ ২৮ আগষ্টত কলকাতা আৰু বেৰেকপুৰৰ মাজত ভাৰতৰ প্ৰথম কাৰ ৰেলী হৈছিল।

➡️ ২০০৭ চনৰ ২৮ আগষ্টত ভাৰতীয় বিজ্ঞানীয়ে দাবী কৰিছিল যে লাডাখত পৰ্যাপ্ত পৰিমাণৰ ইউৰেনিয়াম সঞ্চিত হৈ আছে।

➡️ বিজ্ঞানী উইলিয়াম হাৰ্ছেলে শনিৰ উপগ্ৰহ এনচেলাডুছ আৱিষ্কাৰ কৰিছিল ১৭৮৯ চনৰ ২৮ আগষ্টত।

➡️ ১৯৬৩ চনৰ ২৮ আগষ্টত ৱাশ্বিংটনে এক বিশাল সমাৱেশত মাৰ্টিন লুথাৰ কিঙৰ (জুনিয়ৰ) ‘আই হেভ এ ড্ৰীম’ ( I have a dream) শীৰ্ষক প্ৰসিদ্ধ বক্তৃতা প্ৰদান কৰিছিল।

➡️ ১৯৯০ চনৰ ২৮ আগষ্টত কুৱেইটক ইৰাকৰ ১৯ তম প্ৰদেশ ৰূপে ঘোষণা কৰা হৈছিল।।

You might also like
Leave A Reply

Your email address will not be published.