আজি ২৯ অক্টোবৰ

➡ ১৭৪০ চনৰ আজিৰ দিনটোতে স্কটলেণ্ডৰ সাহিত্যিক, জীৱনীকাৰ জেমছ বছৱেলৰ জন্ম হৈছিল ।

➡ ১৭৮৬ চনৰ ২৯ অক্টোবৰত খ্যাতনামা ফৰাচী সাহিত্যিক আৰু দাৰ্শনিক জে লে ৰোনাল্ডৰ মৃত্যু হৈছিল ।

➡ ইংৰাজ কবি জন কীটছৰ জন্ম হৈছিল ১৭৯৫ চনৰ ২৯ অক্টোবৰত ।

➡ ১৮৯৭ চনৰ আজিৰ দিনটোতে হিটলাৰৰ অধীনৰ জাৰ্মানীৰ প্ৰচাৰমন্ত্ৰী যোছেফ গোৰেবলছৰ জাৰ্মানীত জন্ম হৈছিল । মিছাক বাৰম্বাৰ সঁচা বুলি প্ৰচাৰ কৰাৰ এক কুখ্যাত কৌশলৰ উদ্ভাৱক ৰূপে গোৰেবলছৰ নাম ইতিহাসত বিখ্যাত ।

➡ ১৯১৭ চনৰ ২৯ অক্টোবৰত নাট্যকাৰ সত্যপ্ৰসাদ বৰুৱাৰ জন্ম হৈছিল ।

➡ প্ৰখ্যাত মাৰ্কিন বিজ্ঞানী বাৰুজ বেনাকেৰৰাফৰ জন্ম হৈছিল ১৯২০ চনৰ আজিৰ দিনটোতে । ১৯৮০ চনত তেওঁ চিকিৎসা-বিজ্ঞানৰ নোবেল বঁটা লাভ কৰিছিল ।

➡ ১৯২৩ চনৰ ২৯ অক্টোবৰত তুৰস্কক গণতান্ত্ৰিক ৰাষ্ট্ৰ ৰূপে ঘোষণা কৰা হৈছিল । লগে লগে ইস্তানবুলৰ পৰা আংকাৰালৈ দেশখনৰ ৰাজধানী স্থানান্তৰিত হৈছিল ।

➡ ১৯৩৩ চনৰ আজিৰ দিনটোতে ফৰাচী বিজ্ঞানী এলবাৰ্ট কামেটৰ মৃত্যু হৈছিল । ১৯০৮ চনত তেওঁ আন এজন বিজ্ঞানী ডাঃ কেমিলি গুৰিনৰ সৈতে যুটীয়াভাৱে গৱেষণা কৰি আৱিষ্কাৰ কৰে যক্ষ্মা ৰোগৰ প্ৰতিষেধক ছিটা বি চি জি (BCG)।

➡ কবি-সাহিত্যিক মফিজুদ্দিন আহমদ হাজৰিকাৰ মৃত্যু হৈছিল ১৯৫৮ চনৰ ২৯ অক্টোবৰত ।

➡ ১৯৯৮ চনৰ আজিৰ দিনটোতে ৭৭ বছৰীয়া মহাকাশচাৰী জন গ্লেনে মহাকাশলৈ যাত্ৰা কৰিছিল ।

➡ ২০০২ চনৰ ২৯ অক্টোবৰত দশম পঞ্চবাৰ্ষিক পৰিকল্পনা আৰম্ভ হৈছিল।।

You might also like
Leave A Reply

Your email address will not be published.