আজি ২৯ জুলাই

➡️১৫০৬ চনৰ ২৯ জুলাইত পৃথিৱীৰ প্ৰথম গোলক (globe) নিৰ্মাতা জাৰ্মানীৰ মাৰ্টিন বেহাইমৰ মৃত্যু হৈছিল।

➡️ চিত্ৰশিল্পী ভিনচেন্ট ভেন গঘে আত্মহত্যা কৰিছিল ১৮৯০ চনৰ আজিৰ দিনটোতে।

➡️ ১৮৯১ চনৰ ২৯ জুলাইত সমাজ সংস্কাৰক, শিক্ষাবিদ ঈশ্বৰচন্দ্ৰ বিদ্যাসাগৰৰ মৃত্যু হৈছিল।

➡️ ১৯৩৯ চনৰ আজিৰ দিনটোৰ পৰাই ডিব্ৰুগড়ৰ পৰা সাদিনীয়া সংবাদ-পত্ৰ ‘তৰুণ অসম’ৰ প্ৰকাশ আৰম্ভ হৈছিল । সম্পাদক আছিল বেণুধৰ শৰ্মা।

➡️ ১৯৪৮ চনৰ ২৯ জুলাইৰ পৰা লণ্ডনত অলিম্পিক ক্ৰীড়া সমাৰোহ আৰম্ভ হৈছিল। এই সমাৰোহ ১৪ আগষ্টলৈকে চলিছিল ।

➡️ স্বাধীনতা সংগ্ৰামী অৰুণা আছফ আলীৰ মৃত্যু হৈছিল ১৯৮৬ চনৰ আজিৰ দিনটোতে।

➡️ ১৯০৪ চনৰ ২৯ জুলাইত টাটা শিল্পগোষ্ঠীৰ প্ৰধান জে আৰ ডি টাটাৰ পেৰিছত জন্ম হৈছিল ।

➡️ ১৯৮৩ বিশ্ববিশ্ৰুত চলচ্চিত্ৰকাৰ লুই বুনুৱেলৰ ৮৩ বছৰ বয়সত মৃত্যু হৈছিল ।

➡️ ফ্ৰান্সৰ বিৰুদ্ধে সংঘটিত যুদ্ধত ইষ্ট ইণ্ডিয়া কোম্পানীক সহায় কৰাৰ অৰ্থে প্ৰথমটো ব্ৰিটিছ সেনাদল ভাৰতত উপস্থিত হৈছিল ১৭৪৮ চনৰ ২৯ জুলাইত।

➡️ ১৯৮০ চনৰ ২৯ জুলাইত মস্কো অলিম্পিকৰ হকীত ভাৰতে সোণৰ পদক লাভ কৰিছিল।

➡️ পাইলটবিহীন ভাৰতৰ প্ৰথমখন উৰাজাহাজ ‘মিনি’ৰ পৰীক্ষা সফল হৈছিল ১৯৮৩ চনৰ আজিৰ দিনটোতে।

➡️ ১৮৭৬ চনৰ ২৯ জুলাইত ভাৰতৰ বিজ্ঞান সংস্থা গঠন কৰা হৈছিল।

➡️ নিৰ্মল ৰায়ৰ নেতৃত্বত কোকৰাঝাৰত সদৌ অসম কোচ-ৰাজবংশী ছাত্ৰ সন্থাৰ জন্ম হৈছিল ১৯৯০ চনৰ ২৯ জুলাইত।।

You might also like
Leave A Reply

Your email address will not be published.