আজি ২ আগষ্ট

➡️ ১৯২২ চনৰ ২ আগষ্টত স্কটলেণ্ডৰ পদাৰ্থ-বিজ্ঞানী, টেলিফোনৰ আৱিস্কাৰক আলেকজেণ্ডাৰ গ্ৰাহাম বেলৰ মৃত্যু হৈছিল ।

➡️ ১৯৫৪ চনৰ আজিৰ দিনটোতেই পৰ্তুগীজৰ হাতৰ পৰা নগৰ হাভেলী মুক্ত হৈছিল ।

➡️ গাইসালত ব্ৰহ্মপুত্ৰ মেইল আৰু অৱধ-আসামৰ মুখামুখি সংঘৰ্ষত চাৰি শতাধিক লোক নিহত হৈছিল ১৯৯৯ চনৰ ২ আগষ্টত।

➡️ ১৯৩৮ চনৰ আজিৰ দিনটোতে ৰোমান্টিক কবি, ‘জোনাকী’ৰ প্ৰতিষ্ঠাপক সম্পাদক চন্দ্ৰকুমাৰ আগৰৱালাৰ মৃত্যু হৈছিল।

➡️ ১৭৬৩ চনৰ আজিৰ দিনটোতে ব্ৰিটিছ সৈন্যৰ হাতত মীৰকাছিম পৰাস্ত হৈছিল ।

➡️ ইষ্ট ইণ্ডিয়া কোম্পানীৰ হাতৰ পৰা ভাৰতৰ শাসনভাৰ ব্ৰিটিছ চৰকাৰৰ হাতলৈ গৈছিল ১৮৫৮ চনৰ ২ আগষ্টত।

➡️ ১৯৩৪ চনৰ আজিৰ দিনটোতে জাৰ্মানীৰ একনায়ক ৰূপে আডলফ হিটলাৰে আত্মপ্ৰকাশ কৰিছিল।

➡️ ইউৰোপত শান্তি স্থাপনৰ উদ্দেশ্যে ষ্টেলিন, ৰুছভেল্ট আৰু চাৰ্চিলে জাৰ্মানীৰ বাৰ্লিনত শান্তি আলোচনা আৰু এখন শান্তিচুক্তি স্বাক্ষৰিত কৰিছিল ১৯৪৫ চনৰ ২ আগষ্টত।

➡️ ১৯৭০ চনৰ আজিৰ দিনটোতেই ভাৰতৰ প্ৰথম মহিলা ৰাষ্ট্ৰদূত ছোনিৰা বেলিয়াপ্পা মুথাম্মাৰ হাংগেৰীয়ে ৰাষ্ট্ৰদূত ৰূপে কাৰ্যভাৰ গ্ৰহণ কৰিছিল।

➡️ ২০০৩ চনৰ ২ আগষ্টত অৰুণাচল প্ৰদেশত মুকুট মিথি চৰকাৰৰ পতন হৈছিল।।

You might also like
Leave A Reply

Your email address will not be published.