আজি ২ জুলাই

➡️ ১৫৬৬ চনৰ আজিৰ দিনটোতেই চিকিৎসক তথা জ্যোতিৰ্বিদ নষ্ট্ৰাডামাছৰ মৃত্যু হৈছিল।

➡️ বংগৰ নবাব ছিৰাজদৌল্লাৰ মৃত্যু হৈছিল ১৭৫৭ চনৰ আজিৰ দিনটোতেই।

➡️ ১৭৭৮ চনৰ ২ জুলাইত ফ্ৰান্সত মৃত্যু হৈছিল দাৰ্শনিক, শিক্ষাবিদ, সাহিত্যিক ৰুছোৰ।

➡️ হোমিঅ’পেথী চিকিৎসা পদ্ধতিৰ আৱিষ্কাৰক ছেমুৱেল হেনিমেনৰ মৃত্যু হৈছিল ১৮৪৩ চনৰ আজিৰ দিনটোতে।

➡️ ১৮৭৭ চনত জাৰ্মান কবি , ঔপন্যাসিক হেৰমান হেছৰ জন্ম হৈছিল ২ জুলাইত। ভাৰতীয় দৰ্শন আৰু চীনা সভ্যতাৰ দ্বাৰা বিশেষভাৱে প্ৰভাৱিত হেছে গৌতম বুদ্ধৰ জীৱন কাহিনীৰ আধাৰত ৰচনা কৰা ‘সিদ্ধাৰ্থ’ নামৰ উপন্যাসখনে ১৯৪৬ চনত সাহিত্যৰ ন’বেল বঁটা লাভ কৰিছিল।

➡️ ১৯০৪ চনৰ ২ জুলাইত ৰুছ নাট্যকাৰ আৰু চুটিগল্প লেখক আণ্টন চেখভৰ মৃত্যু হৈছিল।

➡️ মাৰ্কিন গল্পকাৰ,ঔপন্যাসিক আৰ্নেষ্ট হেমিংৱেৰে আত্মহত্যা কৰিছিল ১৯৬১ চনৰ আজিৰ দিনটোতে।

➡️ ১৯৭২ চনত আজিৰ দিনটোতে পাকিস্তান আৰু ভাৰতৰ মাজত ঐতিহাসিক ছিমলা চুক্তি স্বাক্ষৰিত হৈছিল।

➡️ সম্পূৰ্ণ দেশীয় প্ৰযুক্তিৰে নিৰ্মিত ভাৰতৰ পাৰমাণৱিক শক্তি প্ৰকল্পৰ প্ৰথমটো গোট চেন্নাইৰ ওচৰৰ কালপাক্কমত ১৯৮৩ চনৰ ২ জুলাইত প্ৰতিষ্ঠা কৰা হৈছিল।

➡️ প্ৰসিদ্ধ উপন্যাস ‘দা মেৰিঅ’ৰ লেখক পুজৰ ১৯৯৯ চনৰ আজিৰ দিনটোতেই মৃত্যু হৈছিল।

➡️ ২০০২ চনৰ ২ জুলাইত অসম বিধানসভাৰ প্ৰাক্তন অধ্যক্ষ জীৱকান্ত গগৈৰ মৃত্যু হৈছিল।।

You might also like
Leave A Reply

Your email address will not be published.