আজি ২ নৱেম্বৰ

➡ ১০৯৫ চনৰ আজিৰ দিনটোতে ফ্ৰান্সত পোপ দ্বিতীয় আৰবানে পবিত্ৰ জেৰুজালেম উদ্ধাৰৰ বাবে ধৰ্মযুদ্ধৰ আহ্বান কৰিছিল ।

➡ ১৫৩৪ চনৰ ২ নৱেম্বৰত চতুৰ্থ শিখ গুৰু ৰামদাসৰ পঞ্জাবৰ লাহোৰত জন্ম হৈছিল ।

➡ ভাৰতৰ ইংৰাজ শাসক ৰবাৰ্ট ক্লাইভে ইংলেণ্ডত আত্মহত্যা কৰিছিল ১৭৭৪ চনৰ আজিৰ দিনটোতে ।

➡ ১৯১৭ চনৰ আজিৰ দিনটোতে ‘বালফোৰ ঘোষণা পত্ৰ’ৰ জৰিয়তে ব্ৰিটেইন পেলেষ্টাইনত ইহুদিসকলৰ বাবে এক জাতীয় গৃহভূমি প্ৰতিষ্ঠা কৰিবলৈ প্ৰতিশ্ৰুতি প্ৰদান কৰা হৈছিল ।

➡ ১৯১৯ চনৰ ২ নৱেম্বৰত আমেৰিকাত ৫ লাখ খনি শ্ৰমিকে ধৰ্মঘট কৰিছিল ।

➡ আইৰিছ নাট্যকাৰ আৰু সমালোচকৰ জৰ্জ বাৰ্নাৰ্ড শ্বৰ মৃত্যু হৈছিল ১৯৫০ চনৰ আজিৰ দিনটোতে ।

➡ ১৯৫৩ চনৰ ২ নৱেম্বৰত পাকিস্তান ইছলামিক গণতন্ত্ৰত পৰিণত হৈছিল ।

➡ ১৯৬৫ চনৰ আজিৰ দিনটোতে চলচ্চিত্ৰ অভিনেতা শ্বাহৰুখ খানৰ জন্ম হৈছিল ।

➡ ১৯৭৬ চনৰ ২ নৱেম্বৰত ভাৰতক এখন সমাজতান্ত্ৰিক আৰু ধৰ্মনিৰপেক্ষ ৰাষ্ট্ৰ বুলি ঘোষণা কৰি সংবিধানৰ ৪২ তম সংশোধনী বিধেয়ক লোকসভাত অনুমোদিত হৈছিল ।

➡ ইন্দিৰা গান্ধীৰ হত্যাৰ প্ৰতিক্ৰিয়াত দেশত বিভিন্ন অঞ্চলত সংঘৰ্ষৰ ফলত পাঁচ শতাধিকৰ প্ৰাণ হানি হৈছিল ১৯৮৪ চনৰ আজিৰ দিনটোতে ।

➡ ১৯৮৭ চনৰ ২ নৱেম্বৰত কাঠমাণ্ডুত ‘ছাৰ্ক’ শীৰ্ষ সন্মিলন আৰম্ভ হৈছিল ।

➡ ১৯৯০ চনৰ আজিৰ দিনটোতে বাবৰি মছজিদ আক্ৰমণ কৰিবলৈ গৈ নিৰাপত্তাৰক্ষীৰ গুলীত বহু কৰসেৱকৰ মৃত্যু হৈছিল । সাম্প্ৰদায়িক সংঘৰ্ষ প্ৰতিৰোধৰ অৰ্থে উত্তৰ পশ্চিম ভাৰতৰ বহু অঞ্চলত সান্ধ্য আইন জাৰি কৰা হৈছিল ।

➡ মধ্য আমেৰিকাত প্ৰচণ্ড ঘূৰ্ণিৰ ফলত প্ৰায় ১,৩০০ লোকৰ মৃত্যু হৈছিল ১৯৯৮ চনৰ ২ নৱেম্বৰত ।

➡ ২০০১ চনৰ ২ নৱেম্বৰত ৰাজহুৱা স্থানত ধূমপান নিষিদ্ধৰ ৰায়দান উচ্চতম ন্যায়ালয়ৰ প্ৰদান কৰিছিল ।

➡ ২০০২ চনৰ আজিৰ দিনটোতে মুফতি মহম্মদ ছয়ীদ জম্মু-কাশ্মীৰৰ মুখ্যমন্ত্ৰী হৈছিল।।

You might also like
Leave A Reply

Your email address will not be published.