আজি ৩০ আগষ্ট

➡️ ১৭৯৭ চনৰ ৩০ আগষ্টত ইংৰাজ কবি শ্বেলীৰ পত্নী মেৰী ৱলষ্টনক্ৰেফট গডউইন শ্বেলীৰ জন্ম হৈছিল।
‘ফ্ৰেংকেনষ্টাইন’ তেওঁৰ প্ৰসিদ্ধ ৰচনা।

➡️ নেদাৰলেণ্ডছৰ প্ৰখ্যাত বিজ্ঞানী যাকোবুছ হেনৰীৰ জন্ম হৈছিল ১৮৫২ চনৰ আজিৰ দিনটোতে। ৰসায়ন-বিজ্ঞানত ন’বেল বঁটা লাভ কৰা (১৯০১) তেৱেঁই প্ৰথম বিজ্ঞানী।

➡️ ১৮৭০ চনৰ ৩০ আগষ্টত কবি-সাহিত্যিক মফিজুদ্দিন আহমদ হাজৰিকাৰ জন্ম হৈছিল।

➡️ পৰমাণু বিভাজনৰ অন্যতম পথ প্ৰদৰ্শক লৰ্ড আৰ্নেষ্ট ৰাডাৰফৰ্ডৰ জন্ম হৈছিল ১৮৭১ চনৰ আজিৰ দিনটোতে। ১৯০৮ চনত তেওঁ ৰসায়ন-বিজ্ঞানত ন’বেল বঁটা লাভ কৰিছিল।

➡️ ১৯৩৬ চনৰ ৩০ আগষ্টত ভাৰতৰ ৰাজনৈতিক কৰ্মী মাডাম ৱিকাজী কামাৰ মৃত্যু হৈছিল ।

➡️ ইংৰাজ পদাৰ্থ-বিজ্ঞানী, ইলেক্ট্ৰনৰ আৱিষ্কাৰক ছাৰ যোছেফ জন টমছনৰ মৃত্যু হৈছিল ১৯৪০ চনৰ আজিৰ দিনটোতে।

➡️ ১৯৯৭ চনৰ ৩০ আগষ্টত অসমৰ ৰাজ্যপাল লোকনাথ মিশ্ৰই অসমৰ পৰা প্ৰত্যাগমন কৰিছিল।

➡️ ২০০০ চনৰ আজিৰ দিনটোতে সাহিত্যিক, অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি হিতেশ ডেকাৰ মৃত্যু হৈছিল।

➡️ ২০০৩ চনৰ ৩০ আগষ্টত অৰুণাচল প্ৰদেশৰ মুখ্য মন্ত্ৰী গেগং আপাঙৰ লগতে ৩১ গৰাকী কংগ্ৰেছ (ডি) বিধায়কে বিজেপিত যোগদান কৰিছিল।।

You might also like
Leave A Reply

Your email address will not be published.