আজি ৩০ ছেপ্টেম্বৰ

➡️ ১৬৮৭ চনৰ আজিৰ দিনটোতে মোগল সম্ৰাট ঔৰংগজেৱে হায়দৰাবাদৰ গোলকুন্দা দখল কৰিছিল।

➡️ ১৯১৭ চনৰ ৩০ ছেপ্টেম্বৰত ৰাছিয়াৰ জাৰ আৰু তেওঁৰ পৰিয়ালক ছাইবেৰিয়াত নিৰ্বাসন দিয়া হৈছিল।

➡️ ১৯৪৬ চনৰ ৩০ ছেপ্টেম্বৰত ৰাধাগোবিন্দ বৰুৱাৰ উদ্যোগত অসমৰ প্ৰথম ইংৰাজী দৈনিক ‘আছাম ট্ৰিবিউন’ৰ প্ৰকাশ আৰম্ভ হৈছিল । ১৯৩৯ চনৰ ৪ আগষ্টত কাকতখন প্ৰথমতে ডিব্ৰুগড়ৰ পৰা সাদিনীয়া ৰূপে প্ৰকাশ হৈছিল।

➡️ ব্ৰিটিছ অধিকৃত দক্ষিণ আফ্ৰিকাৰ ঔপনিৱেশ বেচুৱানালেণ্ডে স্বাধীনতা লাভ কৰিছিল ১৯৬৬ চনৰ আজিৰ দিনটোতে । নতুন নাম হৈছিল বোৎছোৱানা।

➡️ ১৯৮৩ চনৰ ৩০ ছেপ্টেম্বৰত ১৯৪৫ চনৰ পিছত প্ৰথমবাৰৰ বাবে উত্তৰ আৰু দক্ষিণ আফ্ৰিকাৰ সীমান্ত উন্মুক্ত হৈছিল।

➡️ ১৯৯০ চনৰ আজিৰ দিনটোতে প্ৰাক্তন উপ প্ৰধানমন্ত্ৰী দেৱী লালে সংসদৰ পৰা ইস্তাফা দিছিল ।

➡️ মহাৰাষ্ট্ৰ আৰু কাষৰীয়া অঞ্চলত প্ৰচণ্ড ভূমিকম্প হৈছিল ১৯৯৩ চনৰ ৩০ ছেপ্টেম্বৰত । ভূমিকম্পত প্ৰায় ৯,৭৪৮ জন লোকৰ মৃত্যু আৰু ১৫,০০০ গৰাকী লোক আহত হৈছিল । সা-সম্পত্তিৰ বিস্তৰ ক্ষতি সাধন হৈছিল । লাটুৰ আৰু ওছমানবাদ জিলাৰ ৪০ খনৰো বেছি গাওঁ ধ্বংস হৈছিল।

➡️ ১৯৯৭ চনৰ ৩০ ছেপ্টেম্বৰত অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী যোগেন্দ্ৰনাথ হাজৰিকাৰ মৃত্যু হৈছিল।

➡️ জাৰ্মান ঔপন্যাসিক গুণ্টাৰ গ্ৰাছলৈ সাহিত্যৰ ন’ৱেল বঁটা আগবঢ়োৱা হৈছিল ১৯৯৯ চনৰ ৩০ ছেপ্টেম্বৰত।

➡️ ১৯৯৯ চনৰ আজিৰ দিনটোতে ভূ-পৃষ্ঠৰ পৰা আকাশমাৰ্গলৈ নিক্ষেপ কৰিব পৰা ‘আকাশ’ মিছাইলৰ সফল পৰীক্ষণ হৈছিল ।।

You might also like
Leave A Reply

Your email address will not be published.