আজি ৩০ জুলাই

➡️ ১৯৭৩ চনৰ ৩০ জুলাইত মহীশূৰৰ নাম সলনি কৰি নতুন নাম কৰ্ণাটক দিয়া হৈছিল।

➡️ বীৰাপ্পানৰ দ্বাৰা প্ৰসিদ্ধ কানাড়া অভিনেতা ৰাজকুমাৰক অপহৰণ কৰা হৈছিল ২০০০ চনৰ আজিৰ দিনটোতে।

➡️ ২০০৩ চনৰ ৩০ জুলাইত চি পি আই নেতা ফণী বৰাৰ মৃত্যু হৈছিল ।

➡️ ইংৰাজ কবি টমাছ গ্ৰেৰ মৃত্যু হৈছিল ১৭৭১ চনৰ ৩০ জুলাইত।

➡️ ১৭৮৪ চনৰ আজিৰ দিনটোতে আধুনিক ফৰাচী বিশ্বকোষৰ অন্যতম ৰূপকাৰ ডেনিছ ডিডেৰোৰ মৃত্যু হৈছিল।

➡️ ১৯৯০ চনৰ ৩০ জুলাইত বিশিষ্ট শিল্পপতি, বিৰলা গোষ্ঠীৰ অন্যতম প্ৰতিষ্ঠাপক মাধৱ চন্দ্ৰ বিৰলাৰ মৃত্যু হৈছিল।

➡️ প্ৰায় এশ বছৰৰ মুৰত পানামাৰ পৰা মাৰ্কিন সেনা প্ৰত্যাহাৰ কৰা হৈছিল ১৯৯৯ চনৰ ৩০ জুলাইত।

➡️ ২০০১ চনৰ আজিৰ দিনটোতে ডাৰবানত বৰ্ণবৈষম্যবিৰোধী বিশ্ব সন্মিলন অনুষ্ঠিত হৈছিল । এই সন্মিলনত ১৫০ খন দেশৰ প্ৰতিনিধি উপস্থিত আছিল।

➡️ তালিবান সামৰিক বাহিনীৰ সৰ্বোচ্চ পদত ওছামা বিন লাডেন অধিষ্ঠিত হৈছিল ২০০১ চনৰ আজিৰ দিনটোতেই।

➡️ ১৯৯৯ চনৰ ৩০ জুলাইত নৰ্মদা উপত্যকাৰ বিশাল অঞ্চল জলমগ্ন হৈ পৰিছিল।

➡️ ২০০৩ চনৰ আজিৰ দিনটোতে মুখ্য নিৰ্বাচন আয়ুক্ত জে এম লিংডো আৰু সমাজসেৱিকা শান্তা সিনহালৈ প্ৰসিদ্ধ ৰমণ মেগছেছে বঁটা ঘোষণা কৰা হৈছিল ।

➡️ জাৰ্মানীৰ ৰাষ্ট্ৰনায়ক অটো ভন বিছমাৰ্কৰ মৃত্যু হৈছিল ১৮৯৮ চনৰ ৩০ জুলাইত।

➡️ ছুইডেনৰ যশস্বী চলচ্চিত্ৰ পৰিচালক ইংগামৰ বাৰ্গমেনৰ ৮৯ বছৰত মৃত্যু হৈছিল ২০০৭ চনৰ ৩০ জুলাইত।

➡️ ১৯২৬ চনৰ ৩০ জুলাইত সাহিত্যিক পদ্ম বৰকটকীৰ জন্ম হৈছিল।।

You might also like
Leave A Reply

Your email address will not be published.