আজি ৩০ মাৰ্চ

▶️১৬৬৩ চনৰ এই দিনটোতেই নেৰানেপেৰা জ্বৰত মিৰজুমলাৰ মৃত্যু।
▶️১৮৫৩ চনৰ আজিৰ দিনটোতেই চিত্ৰশিল্পী ভিনচেণ্ট ভেন গগৰ জন্ম হৈছিল।
▶️১৯০৮ চনৰ আজিৰ দিনটোতেই ভাৰতীয় চলচ্চিত্ৰৰ প্ৰসিদ্ধ অভিনেত্ৰী দেৱীকা ৰাণীৰ জন্ম হৈছিল।
▶️১৯২৯ চনৰ আজিৰ দিনটোতেই অসমৰ খ্যাতিসম্পন্ন ঔপন্যাসিক কুমাৰ কিশোৰ (প্ৰকৃত নাম কিশোৰী মোহন শৰ্মা)ৰ জন্ম হৈছিল।
▶️১৯৪৯ চনৰ আজিৰ দিনটোতেই জয়পুৰক ৰাজধানী ৰূপে লৈ নতুন ৰাজস্থান ৰাজ্য গঠন।
▶️১৯৬৪ চনৰ আজিৰ দিনটোতেই সাহিত্যিক বিৰিঞ্চি কুমাৰ বৰুৱাৰ মৃত্যু হৈছিল।
▶️১৯৯২ চনৰ এই দিনটোতেই সত্যজিৎ ৰায়লৈ ১৯৯১ চনৰ বিশেষ অস্কাৰ বঁটা।১৯৯২ চনৰ মাৰ্চ মাহতে তেওঁ লাভ কৰিছিল ‘ভাৰতৰত্ন’ সন্মান। ভাৰতৰ চাৰিওটা অসামৰিক সন্মান লাভ কৰা তেৱেঁই প্ৰথম ব্যক্তি।
▶️২০০০ চনৰ আজিৰ দিনটোতেই আৱাহন যুগৰ গল্পকাৰ কৃষ্ণ ভূঞাৰ মৃত্যু ঘটিছিল।
▶️২০০০ চনৰ আজিৰ দিনটোতেই চলচ্চিত্ৰ পৰিচালক শেখৰ কাপুৰলৈ পদ্মশ্ৰী সন্মান।
▶️২০০২ চনৰ আজিৰ দিনটোতেই ১০১ বছৰ বয়সত ব্ৰিটেইনৰ ৰাণী মাতৃ কুইন এলিজাবেথ(প্ৰকৃত নাম এলিজাবেথ বোৱেছ লিয়ন)ৰ মৃত্যু ঘটিছিল।
▶️২০০৭ চনৰ আজিৰ দিনটোতেই ভাৰতৰ প্ৰসিদ্ধ ক্ৰিকেট খেলুৱৈ অনিল কুম্বলেৰ এদিনীয়া ক্ৰিকেটৰ পৰা অৱসৰ ঘোষণা।।

You might also like
Leave A Reply

Your email address will not be published.