আজি ৩১ আগষ্ট

➡️ ১৫৬৯ চনৰ আজিৰ দিনটোতে চতুৰ্থ মোগল সম্ৰাট জাহাংগীৰৰ জন্ম হৈছিল।

➡️ ১৮৭০ চনৰ ৩১ আগষ্টত ইটালীৰ শিক্ষাবিদ মাৰিয়া মণ্টেছৰীৰ জন্ম হৈছিল।

➡️ বুৰঞ্জীবিদ হেৰম্বকান্ত বৰপূজাৰীৰ জন্ম হৈছিল ১৯১২ চনৰ ৩১ আগষ্টত।

➡️ ১৯১৯ চনৰ আজিৰ দিনটোতে জ্ঞানপীঠ বঁটা বিজয়ী পঞ্জাৱী সাহিত্যিক অমৃতা প্ৰীতমৰ জন্ম হৈছিল।

➡️ ভাৰতৰ ৰাজ্য পুনৰ গঠন বিধেয়কত ৰাষ্ট্ৰপতিয়ে সন্মতি প্ৰদান কৰিছিল ১৯৫৬ চনৰ ৩১ আগষ্টত।

➡️ ১৯৬২ চনৰ আজিৰ দিনটোতে ত্ৰিনিদাদ আৰু টোবেগোৰে স্বাধীনতা লাভ কৰিছিল।

➡️ আমেৰিকাৰ মহাকাশযান ‘চেলেঞ্জাৰ’ৰ সহায়ত ভাৰতৰ এটা উল্লেখযোগ্য সফল উপগ্ৰহ INST-IB আমেৰিকাৰ ফ্ল’ৰিডাৰ কেপ কাৰনাভাৰেলৰ পৰা সফলতাৰে উৎক্ষেপণ কৰা হৈছিল ১৯৮৩ চনৰ ৩১ আগষ্টত। পৃথিৱীৰ পৰা ৩৫,৬৮০ কিলোমিটাৰ উচ্চতাৰ ভূ-স্থিৰ কক্ষপথত ইয়াক স্থাপন কৰা হৈছিল । এইটো উপগ্ৰহ নিৰ্ধাৰিত সাত বছৰতকৈ অধিক কাল কক্ষপথত আছিল ।

➡️ ১৯৮৭ চনৰ ৩১ আগষ্টত সাংবাদিক হৰেন্দ্ৰনাথ বৰুৱাৰ মৃত্যু হৈছিল ।

➡️ ১৯৯৭ চনৰ আজিৰ দিনটোতে পেৰিছত হোৱা এক মটৰ দুৰ্ঘটনাত ইংলেণ্ডৰ ৰাজকুমাৰী ডায়েনাৰ মৃত্যু হৈছিল।

➡️ বিশ্ব এথলেটিকছ চেম্পিয়নশ্বিপত ভাৰতীয় এথলীট অঞ্জু ববী জৰ্জে ব্ৰঞ্জৰ খিতাপ অৰ্জন কৰিছিল ২০০৩ চনৰ ৩১ আগষ্টত।

You might also like
Leave A Reply

Your email address will not be published.