আজি ৩ অক্টোবৰ

➡️ আজি বিশ্ব আৱাস দিৱস।

➡️ ১৮৬৭ চনৰ আজিৰ দিনটোতে চিলাই কলৰ আৱিষ্কাৰক ইলিয়াছ হাউৰ মৃত্যু হৈছিল।

➡️১৯৩৫ চনৰ ৩ অক্টোবৰত গোৱালপৰীয়া লোকগীতৰ সম্ৰাজ্ঞী প্ৰতিমা পাণ্ডেৰ জন্ম হৈছিল ।

➡️ বিশ্ব ট্ৰেড ইউনিয়ন ফেডাৰেচন প্ৰতিষ্ঠিত হৈছিল ১৯৪৫ চনৰ ৩ অক্টোবৰত।

➡️ ১৯৫৮ চনৰ ৩ অক্টোবৰত ইংলেণ্ডে প্ৰথম পাৰমাণৱিক বোমাৰ পৰীক্ষণ কৰিছিল।

➡️ দুৰ্নীতিৰ অভিযোগত প্ৰাক্তন প্ৰধান মন্ত্ৰী ইন্দিৰা গান্ধীক গ্ৰেপ্তাৰ কৰা হৈছিল ১৯৭৭ চনৰ ৩ অক্টোবৰত।

➡️ ১৯৭৮ চনৰ আজিৰ দিনটোতে ভাৰতৰ প্ৰথম আৰু বিশ্বৰ দ্বিতীয়টো টেষ্টটিউব বেবীৰ জন্ম হৈছিল । এই তথ্য অৱশ্যে আনুষ্ঠানিকভাৱে স্বীকৃত নহয়।

➡️ ১৯৮৯ চনৰ ৩ অক্টোবৰত প্ৰখ্যাত সৰোদবাদক বাহাদুৰ খানৰ মৃত্যু হৈছিল।

➡️ ১৯৯১ চনৰ আজিৰ দিনটোতে দক্ষিণ আফ্ৰিকাৰ বিশিষ্ট লেখিকা নাদিন গাৰ্দিমাৰলৈ সাহিত্যৰ ন’বেল বঁটা আগবঢ়োৱা হৈছিল।।

You might also like
Leave A Reply

Your email address will not be published.