আজি ৩ ছেপ্টেম্বৰ

➡️ আজি অভিৰুচি ক্ৰীড়া দিৱস।

➡️ ১৭৮৩ চনৰ ৩ ছেপ্তেম্বৰত পেৰিছত গ্ৰেট ব্ৰিটেইন আৰু আমেৰিকাৰ মাজত এক শান্তি চুক্তি স্বাক্ষৰিত হৈছিল। ইতিহাসত এই চুক্তি ‘পেৰিছ চুক্তি’ নামেৰে প্ৰসিদ্ধ ।

➡️ ১৮১৪ চনৰ আজিৰ দিনটোতে আন্তৰ্জাতিক খ্যাতিসম্পন্ন গণিতজ্ঞ জেম্‌ছ যোছেফ ছিলভেষ্টাৰৰ জন্ম হৈছিল ।

➡️ ১৮৬৬ চনৰ ৩ ছেপ্তেম্বৰত কাৰ্ল মাৰ্ক্সৰ নেতৃত্বত জেনেভাত আন্তৰ্জাতিক শ্ৰমজীৱী সংঘৰ প্ৰথম কংগ্ৰেছ অনুষ্ঠিত হৈছিল ।

➡️ বিশিষ্ট স্বাধীনতা সংগ্ৰামী তথা জাতীয়তাবাদী নেতা কমলাপতি ত্ৰিপাঠীৰ জন্ম হৈছিল ১৯০৫ চনৰ আজিৰ দিনটোতে।

➡️ ১৯৩৬ চনৰ ৩ ছেপ্তেম্বৰত ব্ৰুছেলছত বিশ্ব শান্তি সন্মিলন অনুষ্ঠিত হৈছিল।

➡️ ১৯৬৯ চনৰ আজিৰ দিনটোতে ভিয়েটনাম বিপ্লৱৰ নেতা হো-চি-মিনৰ মৃত্যু হৈছিল । প্ৰকৃততে হো-চি-মিনৰ মৃত্যু হৈছিল ২ ছেপ্তেম্বৰত। কিন্তু ২ ছেপ্তেম্বৰৰ দিনটো ভিয়েটনামৰ ৰাষ্ট্ৰীয় দিৱস হোৱাত হো- চি-মিনৰ মৃত্যু খবৰ এদিন পিছতহে ঘোষণা কৰা হৈছিল ।

➡️ ১৯৯৮ চনৰ ৩ ছেপ্তেম্বৰত অসমৰ আইনমন্ত্ৰী সুৰেন্দ্ৰ নাথ মেধিৰ মৃত্যু হৈছিল ।

➡️ ১৯৯৮ চনৰ আজিৰ দিনটোতে ছুইজাৰলেণ্ডত বিমান দুৰ্ঘটনা সংঘটিত হৈ ২২৯ গৰাকীৰ মৃত্যু হৈছিল ।

➡️ শিল্পী ধীৰু ভূঞাৰ মৃত্যু হৈছিল ১৯৯৯ চনৰ আজিৰ দিনটোতে।

➡️ ২০০২ চনৰ ৩ ছেপ্তেম্বৰত অজান কাৰণত কলকাতাৰ হাস্পতালত ১৪ টি শিশুৰ মৃত্যু হৈছিল।

➡️ যোৰহাটৰ ওচৰত সংঘটিত এক পথ দুৰ্ঘটনাত প্ৰতিভাৱান চিত্ৰগ্ৰহণকাৰী মৃণাল কান্তি দাসৰ মৃত্যু হৈছিল ২০০৪ চনৰ ৩ ছেপ্তেম্বৰত।

➡️ ১৯৪০ চনৰ ৩ ছেপ্তেম্বৰত উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথমগৰাকী অৰ্জুন বঁটা বিজয়ী, দৌৰবিদ ভোগেশ্বৰ বৰুৱাৰ জন্ম হৈছিল । ভোগেশ্বৰ বৰুৱাই ১৯৬৬ চনত বেংকক এছিয়াডৰ ৮০০ মিটাৰ দৌৰত সোণৰ পদক লাভ কৰিছিল। ১৯৬৬ চনত তেওঁ লাভ কৰিছিল অৰ্জুন বঁটা।।

You might also like
Leave A Reply

Your email address will not be published.