আজি ৪ আগষ্ট

➡️ ইংৰাজ ৰোমান্টিক কবি শ্বেলীৰ জন্ম হৈছিল ১৭৯২ চনৰ আজিৰ দিনটোতে।

➡️ ১৮৭৫ চনৰ ৪ আগষ্টত ডেনমাৰ্কৰ কবি আৰু ৰূপকথাকাৰ হান্‌ছ এণ্ডাৰছনৰ (সম্পূৰ্ণ নাম হান্‌ছ ক্ৰিষ্টিয়ান এণ্ডাৰছন) মৃত্যু হৈছিল।

➡️ নৰৱেৰ ঔপন্যাসিক ন্যুট পেডাৰছন হামছুনৰ জন্ম হৈছিল ১৮৫৯ চনৰ আজিৰ দিনটোতে। ‘হাংগাৰ’ তেওঁৰ বিখ্যাত উপন্যাস। ১৯২০ চনত হামছুনে লাভ কৰিছিল সাহিত্যৰ নোবেল বঁটা।

➡️ ১৯১৪ চনৰ ৪ আগষ্টত জাৰ্মানীৰ বিৰুদ্ধে ইংলেণ্ডে যুদ্ধ ঘোষণা কৰিছিল। আৰু এয়ে আছিল প্ৰথম মহাসমৰৰ আৰম্ভণি।

➡️ ১৯২৯ চনৰ ৪ আগষ্টত ভাৰতৰ প্ৰখ্যাত কন্ঠশিল্পী কিশোৰ কুমাৰৰ জন্ম হৈছিল।

➡️ জেনেৰেল ফ্ৰাংকোৱে নিজকে স্পেইনৰ প্ৰধান মন্ত্ৰী তথা সামৰিক বাহিনীৰ সৰ্বাধিনায়ক ৰূপে ঘোষণা কৰিছিল ১৯৩৭ চনৰ আজিৰ দিনটোতে।

➡️ ১৯৩৯ চনৰ ৪ আগষ্টৰ পৰা ডিব্ৰুগড়ৰ পৰা ইংৰাজী সাপ্তাহিকৰূপে ‘আছাম ট্ৰিবিউন’ৰ প্ৰকাশ আৰম্ভ হৈছিল । প্ৰথম সম্পাদক আছিল লক্ষ্মীনাথ ফুকন।

➡️ ১৯৬৫ চনৰ আজিৰ দিনটোৰ পৰাই অসমীয়া দৈনিক বাতৰিকাকত ‘দৈনিক অসম’ৰ প্ৰথম প্ৰকাশ আৰম্ভ হৈছিল । প্ৰথম সম্পাদক আছিল কীৰ্তিনাথ হাজৰিকা।

➡️ উগাণ্ডাৰ ৰাষ্ট্ৰপতি ইদি আমিনে ৪০,০০০ এছীয় লোকক উগাণ্ডা ত্যাগৰ নিৰ্দেশ দিছিল ১৯৭২ চনৰ ৪ আগষ্টত।

➡️ ব্ৰিটেইনৰ ৰাণী মাতৃ এলিজাবেথৰ জন্ম হৈছিল ১৯০০ চনৰ আজিৰ দিনটোতে।

➡️ ১৯৬৭ চনৰ ৪ আগষ্টত তেজপুৰত সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰথম অধিৱেশন অনুষ্ঠিত হৈছিল । এই অধিৱেশনতে সন্থাৰ নামটো আনুষ্ঠানিকভাৱে ঘোষণা কৰাৰ লগতে বৰ্তমান ব্যৱহৃত পতাকা, প্ৰতীক আৰু সংবিধান গ্ৰহণ কৰা হৈছিল। এই অধিৱেশনৰ পৰাই সদৌ অসম ছাত্ৰ সন্থাৰ বৰ্তমানৰ ধাৰাটোৰ সূচনা হৈছিল ।

➡️ ১৯৯৭ চনৰ ৪ আগষ্টত স্বেচ্ছাসেৱী অনুষ্ঠান ‘এভাৰ্ড এন ই’ৰ সচিবপ্ৰধান সঞ্জয় ঘোষৰ মৃত্যু ঘোষণা কৰা হৈছিল । তেওঁক চাৰি জুলাইত (১৯৯৭) অপহৰণ কৰা হৈছিল। দেশ-বিদেশত এই হত্যাৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত হৈছিল।।

You might also like
Leave A Reply

Your email address will not be published.