আজি ৪ ছেপ্টেম্বৰ

➡️ ১৮২৫ চনৰ আজিৰ দিনটোতে ভাৰতৰ স্বাধীনতা আন্দোলনৰ প্ৰথম যুগৰ নেতা তথা ভাৰতীয় জাতীয় কংগ্ৰেছৰ অন্যতম প্ৰতিষ্ঠাতা দাদা ভাই নৌৰজীৰ জন্ম হৈছিল । ১৯০৬ চনত কলকাতাত বহা জাতীয় কংগ্ৰেছৰ অধিৱেনত তেৱেঁই প্ৰথমবাৰৰ বাবে ‘স্বৰাজ জাতীয় কংগ্ৰেছৰ লক্ষ্য’ বুলি ঘোষণা কৰিছিল ।

➡️ ১৮৮২ চনৰ ৪ ছেপ্তেম্বৰত আমেৰিকাত প্ৰথমবাৰৰ বাবে ৰাজহুৱাকৈ বিজুলীবাতিৰ ব্যৱহাৰ আৰম্ভ হৈছিল ।

➡️ অসমীয়া ভাষা বিজ্ঞানসন্মতভাৱে অধ্যয়ন কৰি বিশ্বৰ ভাষা-বিজ্ঞানীৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হোৱা ভাষা-বিজ্ঞানী ডঃ গোলোকচন্দ্ৰ গোস্বামীক অসম সাহিত্য সভাৰ সন্মানীয় ‘সাহিত্যাচাৰ্য’ উপাধি প্ৰদান কৰা হৈছিল ২০০২ চনৰ ৪ ছেপ্তেম্বৰত।

➡️ ২০০৪ চনৰ আজিৰ দিনটোতে শিক্ষাবিদ ইন্দিৰা মিৰিৰ মৃত্যু হৈছিল ।

➡️ ১৯৪৬ চনৰ ৪ ছেপ্তেম্বৰত হেন্‌ৰী ফলি নাইট অসমৰ ৰাজ্যপাল হৈছিল । এই বছৰৰে ২৩ ডিচেম্বৰলৈকে তেওঁ ৰাজ্যপাল ৰূপে কাৰ্যনিৰ্বাহ কৰিছিল ।।

You might also like
Leave A Reply

Your email address will not be published.