আজি ৪ জুলাই

➡️ আজি আমেৰিকা যুক্তৰাষ্ট্ৰৰ স্বাধীনতা দিৱস।

➡️ আজি ভেনিজুৱেলাৰ জাতীয় দিৱস।

➡️ ১৭৭৬ চনৰ ৪ জুলাইত আমেৰিকাৰ তেৰখন ৰাজ্যই লাভ কৰিছিল স্বাধীনতা আৰু ‘স্বাধীনতাৰ ঘোষণা-পত্ৰ’ গৃহীত হৈছিল।

➡️ আমেৰিকাৰ ৰাষ্ট্ৰপতি টমাছ জেফাৰছনৰ মৃত্যু হৈছিল ১৮২৬ চনৰ আজিৰ দিনটোতে।

➡️ ১৮৪৬ চনৰ ৪ জুলাইত ফিলিপাইনছে স্বাধীনতা লাভ কৰিছিল ।

➡️ আজিৰ দিনটোতে ১৮৯৮ চনত গান্ধীবাদী নেতা, ভাৰতৰ প্ৰক্তন প্ৰধানমন্ত্ৰী (অস্থায়ী) গুলজাৰিলাল নন্দৰ জন্ম হৈছিল।

➡️ স্বামী বিবেকানন্দৰ মৃত্যু হৈছিল ১৯০২ চনৰ ৪ জুলাইত।

➡️ ১৯১৭ চনৰ ৪ জুলাইত মাৰ্কিন মহাকাশযান ‘পাথফাইণ্ডাৰে’ মঙ্গলপৃষ্ঠত অৱতৰণ কৰিছিল।

➡️ ফৰাচী পদাৰ্থবিদ মেৰী কুৰীৰ মৃত্যু হৈছিল ১৯৩৪ চনৰ আজিৰ দিনটোতে।

➡️১৯৬০ চনৰ ৪ জুলাইত ভাষা আন্দোলনৰ বাবে হোৱা গুলীচালনাত কটন কলেজৰ ছাত্ৰ ৰঞ্জিত বৰপূজাৰী নিহত হৈছিল ।

➡️ পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী তথা ৰাষ্ট্ৰপতি জুলফিকৰ আলী ভূট্টোক ফাঁচি দিয়া হৈছিল ১৯৭৯ চনৰ ৪ জুলাইত।

➡️ ১৯৮৬ চনৰ আজিৰ দিনটোতে সুনীল গাভাস্কাৰ ১১৫ খন টেষ্ট মেচ খেলা প্ৰথম খেলুৱৈ ৰূপে পৰিগণিত হৈছিল।

➡️ ১৯৯৯ চনৰ ৪ জুলাইত উইম্বলডনৰ মিস্কড ডাবল্‌ছত লিয়েণ্ডাৰ পেজে ‘গ্ৰেণ্ডশ্লাম’ অৰ্জন কৰিছিল।

➡️ ‘ইউৰো-২০০৪’ গ্ৰীচ চেম্পিয়ন হৈছিল ২০০৪ চনৰ ৪ জুলাইত।

➡️ ২০০৮ চনৰ আজিৰ দিনটোতে শিৱচৰণ মাথুৰ অসমৰ ৰাজ্যপাল হৈছিল আৰু কাৰ্যকালতে ২০০৯ চনৰ ২৫ জুনত মাথুৰৰ মৃত্যু হৈছিল।

➡️ ২০১২ চনৰ ৪ জুলাইত মৃত্যু হৈছিল সুগন্ধি পখিলাৰ কবি হীৰেন ভট্টাচাৰ্য্যৰ।

You might also like
Leave A Reply

Your email address will not be published.