আজি ৪ নৱেম্বৰ

➡ আজি কালী পূজা আৰু পোহৰৰ উৎসৱ দেৱালী ।

➡ ১৯১৪ চনৰ আজিৰ দিনটোতে ৰাছিয়াই আৰ্মেনিয়া আক্ৰমণ কৰিছিল । ইংলেণ্ড, ৰাছিয়া, ফ্ৰান্স আৰু ছাৰ্বিয়াৰ বিৰুদ্ধে তুৰস্কই যুদ্ধ ঘোষণা কৰিছিল ।

➡ ১৯২৫ চনৰ ৪ নৱেম্বৰত ভাৰতৰ প্ৰসিদ্ধ চলচ্চিত্ৰ নিৰ্মাতা ঋত্বিক ঘটকৰ জন্ম হৈছিল ।

➡ ‘মানৱ কম্পিউটাৰ’ নামে খ্যাত শকুন্তলা দেৱীৰ জন্ম হৈছিল ১৯৩৬ চনৰ আজিৰ দিনটোতে ।

➡ ১৯৫২ চনৰ ৪ নৱেম্বৰত কৰিমগঞ্জৰ কালিনগৰ চাহ বাগিচাত কবি সনন্ত তাঁতিৰ জন্ম হৈছিল ।

➡ ১৯৫৪ চনৰ আজিৰ দিনটোতে দাৰ্জিলিঙত হিমালয়ান মাউণ্টেনিয়াৰিং ইনষ্টিটিউট প্ৰতিষ্ঠা কৰা হৈছিল ।

➡ ভাৰতৰ কথক সম্ৰাট ৰূপে খ্যাত পণ্ডিত শম্ভু মহাৰাজৰ মৃত্যু হৈছিল ১৯৭০ চনৰ ৪ নৱেম্বৰত ।

➡ ১৯৯২ চনৰ আজিৰ দিনটোতে বিল ক্লিণ্টন আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৪২ তম ৰাষ্ট্ৰপতি হৈছিল ।

➡ ১৮৮৯ চনৰ ৪ নৱেম্বৰত স্বাধীনতা সংগ্ৰামী তথা বাজাজ গ্ৰুপ অব ইণ্ডাষ্ট্ৰিজৰ অন্যতম প্ৰতিষ্ঠাপক যমনালাল বাজাজৰ জন্ম হৈছিল ।

➡ ২০০১ চনৰ আজিৰ দিনটোতে বিশ্বত্ৰাস সৃষ্টি কৰা এমথ্ৰাক্সৰ প্ৰতিৰোধী বেজী উদ্ভাৱন কৰিছিল ভাৰতীয় বিজ্ঞানীয়ে ।

➡ ভাৰতৰ ছবি ‘লগান’এ অক্সাৰৰ মনোনয়ন লাভ কৰিছিল ২০০১ চনৰ ৪ নৱেম্বৰত ।

➡ ২০০২ চনৰ আজিৰ দিনটোতে সাহিত্যিক, অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি বীৰেন বৰকটকীৰ মৃত্যু হৈছিল ।

➡ ২০০৪ চনৰ ৪ নৱেম্বৰত মাজুলীৰ নতুন কমলাবাৰী সত্ৰৰ সত্ৰাধিকাৰ নাৰায়ণ চন্দ্ৰ দেৱগোস্বামী আৰু শাস্ত্ৰীয় সংগীতশিল্পী পাৰবীন চুলতানালৈ ২০০৪ চনৰ শ্ৰীমন্ত শংকৰদেৱ বঁটা ঘোষণা কৰা হৈছিল ।

➡ ২০০৮ চনৰ আজিৰ দিনটোতে হিন্দুস্তানী ধ্ৰুপদী সংগীতৰ পুৰোধা ব্যক্তি, প্ৰখ্যাত সংগীতসাধক ভীমসেন যোশীলৈ ভাৰতৰত্ন সন্মান আগবঢ়োৱা হৈছিল ।।

You might also like
Leave A Reply

Your email address will not be published.