১০৫৬ চনৰ আজিৰ দিনটোতে জাৰ্মান সম্ৰাট তৃতীয় হেনৰীৰ মৃত্যু হৈছিল ।
১৬৭৬ চনৰ ৫ অক্টোবৰত ইংলেণ্ডৰ ৰজাৰ পৰা ইষ্ট ইণ্ডিয়া কোম্পানীয়ে ভাৰতত ধাতুৰ মুদ্ৰা প্ৰস্তুত কৰাৰ বাবে টাকশাল স্থাপনৰ অনুমতি লাভ কৰিছিল । সেই অনুসৰি বোম্বাইত( মুম্বাই) প্ৰথম টাকশাল স্থাপন কৰা হৈছিল আৰু প্ৰথম মুদ্ৰা প্ৰস্তুত কৰা হৈছিল ১৬৭৮ চনত।
ফৰাচী দাৰ্শনিক, নাট্যকাৰ আৰু সাহিত্য সমালোচক ডেনিছ দিদেৰোৰ জন্ম হৈছিল ১৭১৩ চনৰ আজিৰ দিনটোতে। এওঁৰ সম্পাদনাতে ১৭৫১ চনত প্ৰকাশ হৈছিল বিশ্বৰ প্ৰথমখন আধুনিক বিশ্বকোষ ‘এনচাইক্লোপেডী’।
১৮৬৪ চনৰ ৫ অক্টোবৰত চলচ্চিত্ৰৰ কেমেৰাৰ আৱিষ্কাৰক লুমিয়েৰ ভাতৃদ্বয়ৰ লুই লুমিয়েৰৰ জন্ম হৈছিল। ককায়েক আগষ্ট লুমিয়েৰৰ সৈতে লগ লাগি তেওঁ ১৮৯৫ চনত চিনেমা প্ৰদৰ্শন কৰা এটা নতুন আৰু উন্নত যন্ত্ৰ ‘চিনেমাটোগ্ৰাফ’ সাজি উলিয়াইছিল ।
১৯৩৯ চনৰ আজিৰ দিনটোতে ৰৰ্বাট নিল ৰেইড অসমৰ ৰাজ্যপাল হৈছিল । ১৯৪২ চনৰ ৩ মে’লৈকে তেওঁ ৰাজ্যপাল ৰূপে কাৰ্যনিৰ্বাহ কৰিছিল ।
লণ্ডনত বসবাস কৰা ভাৰতীয় ঔপন্যাসিক ছলমান ৰুশ্বদীৰ ‘ছাটানিক ভাৰ্ছেছ’ গ্ৰন্থৰ ওপৰত ভাৰত চৰকাৰে নিষেধাজ্ঞা আৰোপ কৰিছিল ১৯৮৮ চনৰ ৫ অক্টোবৰত।
১৯৮৯ চনৰ আজিৰ দিনটোতে উচ্চতম ন্যায়ালয়ৰ প্ৰথম মহিলা ন্যায়াধীশ ৰূপে ফাতেমা বিবিয়ে কাৰ্যভাৰ গ্ৰহণ কৰিছিল।
১৯৯০ চনৰ ৫ অক্টোবৰত সংযুক্ত জাৰ্মানীৰ সংসদৰ প্ৰথম অধিৱেশন আৰম্ভ হৈছিল।
২০০৪ চনৰ ৫ অক্টোবৰত বগৰীবাৰীৰ জালবিল বজাৰত এন ডি এফ বিৰ গুলীত ১০জনৰ মৃত্যু হৈছিল।
ফ্ৰেংক উইলজেক, ডেভিদ জে গ্ৰেছ, ডেভিদ প’লিটজাৰলৈ পদাৰ্থ-বিজ্ঞানৰ ন’বেল বঁটা আগবঢ়োৱা হৈছিল ২০০৪ চনৰ ৫ অক্টোবৰত।
২০০৫ চনৰ আজিৰ দিনটোতে অসমৰ ডিকমৰ তেলখাদত সংঘটিত এক বিধ্বংসী অগ্নিকাণ্ড ১৫ ছেপ্টেম্বৰৰ পৰা ৪ অক্টোবৰলৈ জ্বলি অইল ইণ্ডিয়াৰ প্ৰায় ১০০ কোটি টকা লোকচান হৈছিল।।