আজি ৫ এপ্ৰিল

➡️আজি ৰাষ্ট্ৰীয় সামুদ্ৰিক দিৱস।
➡️১৬৭১ চনৰ আজিৰ দিনটোতে শৰাইঘাটৰ ৰণৰ পৰাজয়ৰ গ্লানি লৈ মোগল সেনাপতি ৰাম সিংহৰ অসমৰ পৰা প্ৰত্যাৱৰ্তন।
➡️১৮২৭ চনৰ এই দিনটোতে প্ৰখ্যাত ইংৰাজ চিকিৎসক যোছেফ লিষ্টাৰৰ জন্ম হৈছিল।
➡️১৮৯৮ চনৰ ৫ এপ্ৰিল তাৰিখে বিশিষ্ট শিল্পপতি ঘনশ্যাম দাস বিড়লাৰ (জি ডি বিড়লা নামে খ্যাত) জন্ম হৈছিল।
➡️১৯০৭ চনৰ আজিৰ দিনটোতে ভাৰতত বয় স্কাউট আন্দোলনৰ সূচনা হৈছিল। পিছলৈ ই ‘ভাৰত স্কাউটছ এণ্ড গাইডছ’ নামেৰে পৰিচিত হয়।
➡️১৯৪০ চনৰ এই দিনটোতে বাংলা দৈনিক ‘আনন্দবাজাৰ পত্ৰিকা’ত ‘আনন্দমেলা’ নামেৰে এটা শিশু শিতান আৰম্ভ হৈছিল। ভাৰতৰ আঞ্চলিক ভাষাৰ দৈনিক কাকতত ইয়েই প্ৰথম শিশু শিতান।
➡️২০০২ চনৰ আজিৰ দিনটোতে সাহিত্যিক লুম্মেৰ দাইৰ মৃত্যু হৈছিল।
➡️২০০৫ চনৰ ৫ এপ্ৰিল তাৰিখে ১৩টা বলাৎকাৰ আৰু এটা হত্যাৰ অভিযোগত তামিলনাডুৰ তিৰুচিৰাপল্লী আশ্ৰমৰ গুৰুস্বামী প্ৰেমানন্দক যাৱজ্জীৱন কাৰাদণ্ড বিহা হৈছিল।।

You might also like
Leave A Reply

Your email address will not be published.