আজি ৫ ছেপ্টেম্বৰ

➡️ আজি শিক্ষক দিৱস।

➡️ ১৬১২ চনৰ আজিৰ দিনটোতে চাৰিখন যুদ্ধজাহাজেৰে ইষ্ট ইণ্ডিয়া কোম্পানীয়ে নৌ-বাহিনী গঠন কৰিছিল ।

➡️ ১৮২৭ চনৰ ৫ ছেপ্তেম্বৰত বিজ্ঞানী ছাৰ যোছেফ লিষ্টাৰৰ জন্ম হৈছিল।

➡️ ১৮৭৪ চনৰ আজিৰ দিনটোতে কবি আনন্দচন্দ্ৰ আগৰৱালাৰ জন্ম হৈছিল ।

➡️ সৰ্বপল্লী ৰাধাকৃষ্ণণৰ জন্ম হৈছিল ১৮৮৮ চনৰ ৫ ছেপ্তেম্বৰত।

➡️ ১৯৫৭ চনৰ আজিৰ দিনটোতে সংসদত কৰ বিধেয়ক গৃহীত হৈছিল ।

➡️ ১৯৬২ চনৰ আজিৰ দিনটোতে সৰ্বপল্লী ৰাধাকৃষ্ণণৰ জন্মদিনটোক ‘শিক্ষক দিৱস’ ৰূপে পালন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল ।

➡️ ১৯৯১ চনৰ ৫ ছেপ্তেম্বৰত ৰাছিয়াৰ পূৰ্ণাংগ সংসদ ছুপ্ৰিম ছোভিয়েটৰ পুনৰ্গঠন কৰা হৈছিল ।

➡️ ১৯৯৭ চনৰ আজিৰ দিনটোতে সমাজসেৱিকা মাদাৰ টেৰেছাৰ মৃত্যু হৈছিল।

➡️ এক অগ্নিকাণ্ডত অসমৰ অগ্ৰণী প্ৰকাশন প্ৰতিষ্ঠান ‘লয়াৰ্ছ বুক ষ্টল’ সম্পূৰ্ণৰূপে ভষ্মীভূত হৈছিল ২০০০ চনৰ ৫ ছেপ্তেম্বৰত।

➡️ ২০০৪ চনৰ আজিৰ দিনটোতে পশ্চিম জাপানত ৰিখটাৰ স্কেলত ৬.৯ আৰু ৭.৯ প্ৰাবল্যৰ দুটা শক্তিশালী ভূমিকম্প অনুভূত হৈছিল।

➡️ ২০০৫ চনৰ ৫ ছেপ্তেম্বৰত প্ৰথিতযশা মালয়ালম ছবি নিৰ্মাতা আদুৰ গোপালাকৃষ্ণণ ২০০৪ বৰ্ষৰ দাদা চাহেব ফাল্কে বঁটাৰ বাবে নিৰ্বাচিত হৈছিল ।

➡️ ২০০০ চনৰ আজিৰ দিনটোতে বিশিষ্ট চলচ্চিত্ৰ পৰিচালক হৃষীকেশ মুখাৰ্জীলৈ ১৯৯৯ চনৰ দাদা চাহেব ফাল্কে বঁটা আগবঢ়োৱা হৈছিল।।

You might also like
Leave A Reply

Your email address will not be published.