আজি ৫ জুলাই

➡️ আজি কেপ ভাৰ্দেৰ স্বাধীনতা দিৱস।

➡️ ১৮৮৮ চনৰ ৫ জুলাইত মাৰ্কিন শৰীৰবিদ তথা চিকিৎসক হাৰ্বাৰ্ট স্পেনাছাৰ গাছাৰৰ জন্ম হৈছিল। স্পেনছাৰে ১৯৪৪ চনত চিকিৎসা বিজ্ঞানৰ নোবেল বঁটা লাভ কৰিছিল।

➡️ ব্ৰিটিছ সংসদত ভাৰতৰ স্বাধীনতাৰ বিধেয়ক গৃহীত হৈছিল ১৯৪৭ চনৰ ৫ জুলাইত।

➡️ বুৰঞ্জীবিদ, সাহিত্যিক সূৰ্যকুমাৰ ভূঞাৰ মৃত্যু হৈছিল ১৯৬৪ চনৰ আজিৰ দিনটোতে।

➡️ ১৯৬৪ চনৰ ৪ জুলাইত কবি, সাহিত্যিক যতীন্দ্ৰনাথ দুৱৰাৰ মৃত্যু হৈছিল।

➡️ ১৯৭৭ চনৰ আজিৰ দিনটোতে পাকিস্তানত সামৰিক অভ্যুত্থান হৈছিল আৰু ৰাষ্ট্ৰপতি জুলফিকৰ আলী ভূট্টো অপসাৰিত হোৱাৰ লগতে গ্ৰেপ্তাৰ হৈছিল। নতুন ৰাষ্ট্ৰপতি হৈছিল জিয়াউল হক।

➡️ ১৯৯৯ চনৰ ৫ জুলাইৰ পৰা ঢাকা আৰু কলকাতাৰ মাজত প্ৰথম বাছ চলাচল আৰম্ভ হৈছিল।

➡️ ২০০২ চনৰ ৫ জুলাইত টেলিকম কেলেংকাৰিত অভিযুক্ত প্ৰাক্তন মন্ত্ৰী সুখ ৰামক তিনি বছৰৰ সশ্ৰম কাৰাদণ্ড ঘোষণা কৰা হৈছিল।

➡️ উইম্বলডন টেনিছ প্ৰতিযোগিতাৰ মহিলাৰ ছিংগল্‌ছত ছেৰেনা উইলিয়ামছ চেম্পিয়ন হৈছিল ২০০৩ চনৰ আজিৰ দিনটোতে।

➡️ ২০০৪ চনৰ ৫ জুলাইত প্ৰথমবাৰৰ বাবে ইণ্ডোনেছিয়াত প্ৰত্যক্ষ ৰাষ্ট্ৰপতি নিৰ্বাচন হৈছিল।

You might also like
Leave A Reply

Your email address will not be published.