আজি ৫ নৱেম্বৰ

➡ আজি সুধাকণ্ঠ ভূপেন হাজৰিকাৰ স্মৃতি দিৱস ।

➡ ১৫৫৬ চনৰ ৫ নৱেম্বৰত পাণিপথৰ দ্বিতীয় যুদ্ধ হৈছিল । আকবৰৰ মোগল বাহিনীৰ হাতত আফগান সেনাপতি হিমু পৰাজিত আৰু নিহত হৈছিল ।

➡ ১৮৭৯ চনৰ আজিৰ দিনটোতে স্কটলেণ্ডৰ পদাৰ্থ-বিজ্ঞানী জেমছ ক্লাৰ্ক মেক্সৱেলৰ মৃত্যু হৈছিল ।

➡ ১৮৮৫ চনৰ ৫ নৱেম্বৰত বিশিষ্ট মাৰ্কিন দাৰ্শনিক তথা ইতিহাসবিদ উইল ডুৰাণটৰ জন্ম হৈছিল । ‘দা ষ্ট’ৰী অব চিভিলাইজেচন’ তেওঁৰ প্ৰসিদ্ধ গ্ৰন্থ ।

➡ ১৮৯১ চনৰ আজিৰ দিনটোতে ইংৰাজ ভৌত ৰসায়নবিদ আৰু প্ৰজনন তাত্ত্বিক জে বি এছ হলডেনৰ জন্ম হৈছিল ।

➡ ১৯১৪ চনৰ ৫ নৱেম্বৰত গ্ৰেট ব্ৰিটেইনে চাইপ্ৰাছ অধিকাৰ কৰিছিল ।

➡ ১৯১৬ চনৰ আজিৰ দিনটোতে পোলেণ্ডৰ স্বাধীনতা ঘোষণা কৰা হৈছিল ।

➡ ভাৰতীয় ৰেডক্ৰছ সন্থা গঠন হৈছিল ১৯২০ চনৰ ৫ নৱেম্বৰত ।

➡ ১৯৭৭ চনৰ আজিৰ দিনটোতে ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদত বৈদেশিক মন্ত্ৰী অটল বিহাৰী বাজপেয়ীয়ে হিন্দীত ভাষণ প্ৰদান কৰিছিল ।

➡ ১৯৮০ চনৰ ৫ নৱেম্বৰত ৰোনাল্ড ৰিগান আমেৰিকাৰ ৰাষ্ট্ৰপতি হৈছিল ।

➡ ১৯৯০ চনৰ আজিৰ দিনটোতে জনতা দলত বিভাজন হৈ চন্দ্ৰশেখৰ দলত্যাগীসকলৰ নতুন নেতা নিৰ্বাচিত হৈছিল ।

➡ ইজৰাইলৰ প্ৰধান মন্ত্ৰী ইটঝাক ৰাবিনক হত্যা কৰা হৈছিল ১৯৯৫ চনৰ ৫ নৱেম্বৰত ।

➡ ১৯৯৯ চনৰ আজিৰ দিনটোতে ৱেষ্ট ইণ্ডিজৰ বেগী বলাৰ মেলকম মাৰ্শ্বেলৰ ৪১ বছৰ বয়সত মৃত্যু হৈছিল । মাৰ্শ্বেলক টেষ্ট ক্ৰিকেটৰ সবাতোকৈ বেগী পেচ বলাৰ আখ্যা দিয়া হয় । দুই শতাধিক উইকেট দখল কৰোঁতা মাৰ্শ্বেল খেলৰ শেষৰ ফালৰ এজন দুৰ্ধৰ্ষ বেটছমেনো আছিল।

➡ ২০০৫ চনৰ ৫ নৱেম্বৰত সাহিত্যাচাৰ্য, অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি যতীন্দ্ৰনাথ গোস্বামীৰ মৃত্যু হৈছিল।।

You might also like
Leave A Reply

Your email address will not be published.