আজি ৬ ছেপ্টেম্বৰ

➡️১৬৫৭ চনৰ আজিৰ দিনটোতে মোগল সম্ৰাট শ্বাহজাহান আকস্মিকভাৱে অসুস্থ হৈছিল। লগে লগে সিংহাসন দখলৰ বাবে পাৰিবাৰিক সংঘৰ্ষ আৰম্ভ হৈছিল ।

➡️ ১৭৬৬ চনৰ ৬ ছেপ্টেম্বৰত আধুনিক পদাৰ্থ-বিজ্ঞানৰ অন্যতম ৰূপকাৰ তথা পাৰমাণৱিক তত্ত্বৰ বিশ্লেষক জন ডেল্টনৰ ইংলেণ্ডত জন্ম হৈছিল ।

➡️ মাৰ্কিন যুক্তৰাষ্ট্ৰৰ প্ৰখ্যাত সমাজসেৱিকা জেনী অডামছৰ জন্ম হৈছিল ১৮৬০ চনৰ ৬ ছেপ্টেম্বৰত। ১৯৩১ চনত তেওঁ শান্তিৰ ন’বেল বঁটা লাভ কৰিছিল।

➡️ ১৮৭৬ চনৰ আজিৰ দিনটোতে ইনছুলিনৰ আৱিস্কাৰক জন জেম্‌ছ মেকলিয়ডৰ জন্ম হৈছিল । কানাডাৰ এইগৰাকী জীৱবিজ্ঞানীয়ে ১৯২৩ চনত যুটীয়াভাৱে চিকিৎসা-বিজ্ঞানৰ ন’বেল বঁটা লাভ কৰিছিল।

➡️ ১৯৩৯ চনৰ ৬ ছেপ্টেম্বৰত দ্বিতীয় মহাসমৰত আমেৰিকাই নিজকে নিৰপেক্ষ বুলি ঘোষণা কৰিছিল ।

➡️ ১৯৭২ চনৰ আজিৰ দিনটোতে হিন্দুস্তানী যন্ত্ৰসংগীতৰ কিংবদন্তি শিল্পী আলাউদ্দিন খাঁৰ মৃত্যু হৈছিল।

➡️ মানহানি বিধেয়কৰ প্ৰতিবাদত সমগ্ৰ ভাৰততে সংবাদ-পত্ৰ কৰ্মীয়ে দিনজোৰা অভূতপূৰ্ব ধৰ্মঘট কৰিছিল ১৯৮৮ চনৰ ৬ ছেপ্টেম্বৰত । পৰিণতিত সেই দিনটোত দেশৰ এখনো দৈনিক সংবাদ-পত্ৰ প্ৰকাশ হোৱা নাছিল ।

➡️ ১৯৯১ চনৰ আজিৰ দিনটোতে মাৰ্কিন টেলিভিছন সংস্থাৰ কেইজনমান মাৰ্কিন প্ৰশ্নকৰ্তাৰ উত্তৰত ছোভিয়েট ৰাছিয়াৰ ৰাষ্ট্ৰপতি মিখাইল গৰ্বাচেভ আৰু ৰুচ গণৰাজ্যৰ ৰাষ্ট্ৰপতি বৰিছ য়েল্টছিনে মন্তব্য কৰিছিল যে তেওঁলোকৰ দেশত কমিউনিজম ব্যৰ্থ হৈছে।লগতে ৰাছিয়ালৈ কমিউনিজম অহাটো দুৰ্ভাগ্যজনক ঘটনা।

➡️ ১৯৯৮ চনৰ ৬ ছেপ্টেম্বৰত জাপানৰ প্ৰখ্যাত চলচ্চিত্ৰ নিৰ্মাতা আকিৰা কুৰোছাৱাৰ মৃত্যু হৈছিল ।

➡️ ২০০৪ চনৰ আজিৰ দিনটোতে ভাৰতত প্ৰথমবাৰৰ বাবে ধৰ্মভিত্তিক লোকপিয়লৰ তথ্য প্ৰকাশ কৰা হৈছিল ।।

You might also like
Leave A Reply

Your email address will not be published.