আজি ৬ জুলাই

➡️ আজি কোমোৰোছৰ স্বাধীনতা দিৱস।

➡️ আজি গল্পৰ দিন।

➡️ ১৫৩৫ চনৰ ৬ জুলাইত ইংৰাজ আইনজ্ঞ তথা চিন্তাবিদ টমাছ মোৰেৰ মৃত্যু হৈছিল।

➡️ ফৰাচী বিজ্ঞানী লুই পেষ্টিউৰে জলাতংক ৰোগৰ কাৰণ আৰু তাৰ প্ৰতিষেধক ছিটা আৱিস্কাৰ কৰিছিল ১৮৮৫ চনৰ আজিৰ দিনটোতে।

➡️ ১৮৯৩ চনৰ ৬ জুলাইত ফৰাচী কথা-সাহিত্যিক গী ডি মোপাছাঁৰ মৃত্যু হৈছিল।

➡️ ভাৰতীয় জনসংঘৰ অন্যতম প্ৰতিষ্ঠাতা শ্যামাপ্ৰসাদ মুখাৰ্জীৰ জন্ম হৈছিল ১৯০১ চনৰ আজিৰ দিনটোতে।

➡️ ১৯২৬ চনৰ ৬ জুলাইত সাহিত্যিক মহিম বৰাৰ জন্ম হৈছিল।

➡️ ১৯৪৪ চনৰ আজিৰ দিনটোতেই নেতাজী সুভাষ চন্দ্ৰ বসুৱে প্ৰথমবাৰৰ বাবে মহাত্মা গান্ধীক জাতিৰ পিতা ৰূপে সম্বোধন কৰিছিল।

➡️ ৪৩ তম মাৰ্কিন ৰাষ্ট্ৰপতি জৰ্জ ডব্লিউ বুশ্বৰ জন্ম হৈছিল ১৯৪৬ চনৰ ৬ জুলাইত।

➡️ ১৯৬০ চনৰ ৬ জুলাইত শিলগুৰি ৰে’ল ষ্টেচনত উন্মত্ত বাংলাভাষীৰ দ্বাৰা ৰে’ল কৰ্মচাৰী, সাহিত্যিক, সাংবাদিক সূৰ্য বৰাক হত্যা কৰা হৈছিল।

➡️ মাৰ্কিন লেখক উইলিয়াম ফকনাৰৰ মৃত্যু হৈছিল ১৯৬২ চনৰ ৬ জুলাইত। ফকনাৰে ১৯৪৯ চনত সাহিত্যৰ ন’বেল বঁটা লাভ কৰিছিল।

➡️ ১৯৮৬ চনৰ আজিৰ দিনটোতেই জাতীয়বাদী নেতা তথা কেন্দ্ৰীয় মন্ত্ৰী বাবু জগজীৱন ৰামৰ মৃত্যু হৈছিল।

➡️ ১৯৯১ চনৰ ৬ জুলাইত একেৰাহে তৃতীয়বাৰৰ বাবে ষ্টেফি গ্ৰাফ উইম্বলডনৰ চেম্পিয়ন হৈছিল।

➡️ ৪৭ তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত ‘কৈহাটীৰ ঢুলীয়া’লৈ শ্ৰেষ্ঠ নৃতত্ত্বমূলক বঁটা’ ‘পখী’লৈ অঞ্চলিক ভাষাৰ শ্ৰেষ্ঠ ছবি, ‘বৈভৱ’লৈ জুৰিৰ বিশেষ বঁটা আগবঢ়োৱা হৈছিল ২০০০ চনৰ ৬ জুলাইত।

➡️ ২০০২ চনৰ ৬ জুলাইত শিল্পপতি, ৰিলায়েন্স উদ্যোগৰ প্ৰতিষ্ঠাতা ধীৰুভাই আম্বানীৰ মৃত্যু হৈছিল।

➡️ সুদীৰ্ঘ ৪৪ বছৰৰ মূৰত নাথু লা গিৰিপথ পুনৰ মুকলি কৰা হৈছিল ২০০৬ চনৰ আজিৰ দিনটোতে।

You might also like
Leave A Reply

Your email address will not be published.